স্বাৱলম্বন : ২০২ বিঘা মাটিত লিচু খেতি আৰম্ভ : ক’ত ?

0
169

তেজপুৰত শেহতীয়াকৈ ২০০ বিঘাৰো অধিক ভূমিত এইবাৰ নতুনকৈ আৰম্ভ কৰা হ’ব লিচু খেতি৷ সোৱাদযুক্ত মঙহাল সেন্দুৰী বৰণৰ লিচুৱে ইতিমধ্যে বিশ্ব দৰবাৰত পৰিচিতি লাভ কৰিছে আৰু কেইমাহমান পূৰ্বে লণ্ডনত তেজপুৰৰ লিচুৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে৷  গতিকে তেজপুৰৰ লিচুৰ বাবে আছে এখন বৃহৎ বজাৰ৷ সেইবাবেই শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগে বিষয়টোৰ গুৰুত্ব বুজি তেজপুৰৰ গৌৰৱ এই বিশেষ প্ৰজাতিৰ লিচুৰ খেতি কৰিবলৈ উৎসাহিত কৰিছে কৃষকসকলক৷ ইয়াৰ বাবে পৰিকল্পনা যুগুত কৰাৰ লগতে আৰম্ভ কৰা হৈছে দীৰ্ঘম্যাদী আঁচনি৷ উল্লেখ্য যে শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ 
শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা পৰিষদ, কৃষি বিজ্ঞান কেন্দ্ৰ, নাবাৰ্ডৰ উদ্যোগত আৰু  শোণিতপুৰ জিলা প্ৰশাসন, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প [এপাৰ্ট], বিশ্বনাথ কৃষি মহাবিদ্যালয়, নেৰামেক, অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ সহযোগত পৰোৱাত লিচু পুলি বিতৰণ তথা ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ তেজপুৰৰ লিচুক আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত  ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ এক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়৷  তেজপুৰৰ লিচুৰ চাহিদা অনুপাতে উৎপাদন কম হোৱা হেতু ব্যাপক হাৰত ইয়াৰ উৎপাদনৰ বাবে কৃষকসকলক উৎসাহিত কৰিব লাগিব৷ প্ৰথম পৰ্যায়ত ২০০ বিঘা মাটিত লিচু খেতি কৰাৰ পৰিকল্পনা লোৱা হৈছে আৰু পৰৱত¹ সময়ত ইয়াৰ পৰিসৰ অধিক বৃদ্ধি কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here