পেলু মুক্ত অসম গঢ়িবলৈ চৰকাৰৰ ব্যাপক অভিযান

0
283

নগাঁও জিলাৰ জখলাবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত হাটবৰ প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালনৰ লগতে শিশু আৰু কিশোৰ-কিশোৰীক পেলুনাশৰ প্ৰথম পালি ঔষধ প্ৰদানৰ শুভাৰম্ভ কৰে৷ ৰাজ্যিক ভিত্তিত আয়োজিত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ ভাষণত স্বাস্থ্য মন্ত্ৰীজনে পেলুৰ নিৰ্মূলকৰণেৰে পুষ্টিহীনতা আৰু ৰক্তহীনতামুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে ৰ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰী তথা ছাত্ৰ-ছাত্ৰীসকলক পেলুনাশক প্ৰতিষেধক খুৱাবলৈ সকলোকে আহ৩ান জনায়৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমক পেলু মুক্ত অসম গঢ়িবলৈ ব্যাপক অভিযান হাতত লোৱা হৈছে ৷ অনুষ্ঠানত মন্ত্ৰীজনে কেইবাটাও শিশুক নিজ হাতে পেলুৰ বড়ি খুওৱাই অভিযানৰ আৰম্ভণি কৰে৷ উক্ত শুভাৰম্ভ কাৰ্যসূচীত কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত [স্বাস্থ্য] প্ৰশান্ত বৰুৱা, জখলাবন্ধা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়াসকল,  শিশু কল্যাণ প্ৰকল্প বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যসূচী প্ৰবন্ধক, ৰাজ্যিক পৰামৰ্শদাতা, ইউনিচেফৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here