বিশ্বত অৰ্থনৈতিক মন্দাই দেখা দিয়াৰ সম্ভাৱনাৰ কথা কোনে ব্যক্ত কৰিলে

0
416

বিশ্ব বাণিজ্য সংগঠন চমুকৈ ডব্লিউ টি অ’ৰ সঞ্চালকপ্ৰধান গজি অকঞ্জো-ইৱেলাই বিশ্ব অৰ্থনীতিৰ এখন হতাশাজনক ছবি দাঙি ধৰিছে৷ জেনেভাত অনুষ্ঠিত ডব্লিউ টি অ’ৰ বাৰ্ষিক ৰাজহুৱা সভাত অকঞ্জো-ইৱেলাই কয় যে বিশ্বত অৰ্থনৈতিক মন্দাই দেখা দিয়াৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে তেওঁৰ দৃষ্টিভংগীত কেইদিনমান আগতে বিশ্ববেংকে দিয়া একে ধৰণৰ সতৰ্কীকৰণ প্ৰতিফলিত হয়৷ চীনত অৰ্থনৈতিক মন্থৰতাৰ কাৰণে এছিয়াত বিকাশৰ সম্ভাৱনা কালি ডব্লিউ টি অ’ই হ্ৰাস কৰে৷ ডব্লিউ টি অ’ৰ মুৰব্বীগৰাকীয়ে কয় যে এটা মন্দাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷ 
মই ভাবোঁ সমগ্ৰ পৃথিৱীত অৰ্থনৈতিক মন্দা হ’ব৷ সেই কাৰণে মই ভাবোঁ যে আমি মন্দাৰ ফালে আগবাঢ়িছোঁ৷ কিন্তু একে সময়তে আমি পুনৰুদ্ধাৰৰ কথাও ভাবিব লাগিব৷ আমি বিকাশ পুনৰস্থাপন কৰিব লাগিব৷ সমগ্ৰ বিশ্বৰ চেণ্ট্ৰেল বেংকবোৰে মুদ্ৰাস্ফীতি ৰোধ কৰিবলৈ সুতৰ হাৰ বৃদ্ধি কৰিছে৷ নাইজেৰিয়াৰ প্ৰাক্তন বিত্ত আৰু বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে বেংকবোৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কিন্তু নতুন বজাৰবোৰ আৰু উন্নয়নশীল দেশবোৰত তাৰ প্ৰতিক্ৰিয়া গুৰুতৰ হৈছে৷ কাৰণ তেওঁলোকেও সুত বৃদ্ধি কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে দুসপ্তাহৰো কম সময়ৰ আগতে বিশ্ববেংকৰ সভাপতি ডেভিদ মালপাছে এইবুলি সতৰ্কবাণী শুনাইছিল যে বিশ্বত আন এটা মন্দা সমাগত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here