স্বাস্থ্য ৰক্ষাৰ গন্তব্য স্থল হিচাপে বিশ্বত খোদিত হৈছে গুৱাহাটী

0
392

গুৱাহাটীত অসম চৰকাৰৰ পৰিবহণ, সংসদীয় পৰিক্ৰমা, দক্ষতা বিকাশ আৰু উদ্যমিতা, উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এ আৰ আই এছ [দ্য এছ’চিয়েশ্যন অব্‌ দ্য ৰবটিক এণ্ড ইন’ভেটিভ ছাৰ্জনছ]৷ 
এই মুকলি অনুষ্ঠানত সন্মানীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে প্ৰখ্যাত ৰবটিক ছাৰ্জন ডাঃ সুভাষ খান্না৷ সৰ্বসন্মতিক্ৰমে এই এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ডাঃ সুভাষ খান্নাক আৰু ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকিৎসকক প্ৰতিষ্ঠাপক সদস্য হিচাপে ছ’চাইটিত অন্তৰ্ভুক্ত কৰা হয়৷ 
এ আৰ আই এছ-দ্য এছ’চিয়েশ্যন অব্‌ দ্য ৰবটিক এণ্ড ইন’ভেটিভ ছাৰ্জনছ হৈছে ভাৰতৰ নিজা প্ৰথমটো ৰবটিক ছাৰ্জনৰ সংঘ৷ সম্ভৱতঃ এইটোৱেই হৈছে গুৱাহাটীত মুখ্য কাৰ্যালয় থকা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য ৰক্ষাৰ পেছাদাৰীসকলৰ সংঘ৷ 
স্বাস্থ্য ৰক্ষাৰ গন্তব্য স্থল হিচাপে বিশ্বৰ মানচিত্ৰত খোদিত হৈছে গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চল৷ এক ইউৰোপিয়ান এছ’চিয়েশ্যনে ইয়াৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো সঁচাকৈয়ে এক ঐতিহাসিক মুহূৰ্ত৷ বিশ্বজুৰি ছাৰ্জাৰীৰ নতুন ভৱিষ্যৎ হৈছে ৰবটিক ছাৰ্জাৰী৷ 
শেহতীয়া অত্যাধুনিক সৰঞ্জাম আৰু ছাৰ্জিকেল কৌশলে ন্যূনতম আক্ৰমণাত্মক ছাৰ্জাৰীক জনপ্ৰিয় কৰি তুলিছে আৰু ছাৰ্জাৰীৰ বিভিন্ন ক্ষেত্ৰত আটাইতকৈ কাৰ্যকৰী কৌশল হিচাপে পৰিগণিত হৈছে৷ এই এছ’চিয়েশ্যনে ৰবটিকছ, ছাৰ্জিকেল দক্ষতা আৰু নতুন আৰু উদ্ভাৱনী পদ্ধতি আৰু প্ৰট’কলসমূহত একাডেমিক আৰু বৈজ্ঞানিক কাৰ্যপ্ৰণালীক প্ৰচাৰ কৰে৷ 
অনুষ্ঠানত  মন্ত্ৰী পাটোৱাৰীয়ে কয় যে স্বাস্থ্য ৰক্ষাৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু তেওঁলোকৰ বিশ্বাস যে অচিৰেই দেশৰ শীৰ্ষ ১০খন স্বাস্থ্য ৰক্ষাৰ পৰ্যটন গন্তব্যস্থলৰ ভিতৰত স্থান লাভ কৰিব গুৱাহাটীয়ে৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আই আই টিৰ সঞ্চালক অধ্যাপক টি জি সীতাৰমণ আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here