মুখত পৰা বয়সৰ চাপ কিদৰে আঁতৰাব ?

0
686

প্ৰতিগৰাকী ব্যক্তিয়ে সদায় বয়স বৃদ্ধিৰ চাপ আঁতৰাই দেখাত ধুনীয়া হৈ থাকিব বিচাৰে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই আকাংক্ষা অধিক হোৱা দেখা যায়। মহিলাসকলে ইয়াৰ বাবে বিভিন্ন ব্যয়বহুল সামগ্ৰীও ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ লয়, কিন্তু কোৱা হয় যে সৌন্দৰ্য ভিতৰৰ পৰা ওলাই আহে।
ইয়াৰ অৰ্থ হৈছে পোনপটীয়াকৈ আহাৰ অৰ্থাৎ খাদ্য সামগ্রীৰ পৰা। স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে কয় যে আহাৰৰ প্ৰভাৱ পোনপটীয়াকৈ মুখত দৃশ্যমান হয়। সেইবাবে সদায়ে তেনে আহাৰ হে গ্ৰহণ কৰিব লাগে যিয়ে ছালখন সতেজ, কম বয়সীয়া আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰিব পাৰে।
মুখত বয়স বৃদ্ধিৰ চাপ আঁতৰ কৰিবলৈ কৰিব লগা ৩ বিধ বিশেষ খাদ্য সামগ্রী :
বৰ্ধিত বয়সৰ চাপ আঁতৰ কৰি ৰাখিবলৈ, মানুহে নিজৰ আহাৰত পুষ্টিকৰ আহাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ বাবে গোটেই বছৰজুৰি এই ৩ বিধ খাদ্য অন্তৰ্ভুক্ত কৰি বয়সৰ চাপ আঁতৰাই ৰখাৰ লগতে চুলি আৰু স্বাস্থ্যক ভালে ৰাখিব।
১. নেমু : পুৱা মহিলাসকলে নেমুৰ ৰস কুহুমীয়া পানীত মিহলি কৰি সেৱন কৰিব পাৰে। লগতে ইয়াক চালাডত খাব পাৰে। নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায়, যাক ছালৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। মুখৰ দাগবোৰো ইয়াৰ ব্যৱহাৰৰ দ্বাৰা আৰোগ্য হয়।
২. আখৰোট : আখৰোটত বহুতো পুষ্টি থাকে, যাৰ বাবে ইয়াক ছালৰ সৰ্বোত্তম খাদ্য বুলি কোৱা হয়। আখৰোটে মহিলাসকলৰ শৰীৰৰ বাবে আটাইতকৈ অত্যাৱশ্যকীয়, কিয়নো ই অমেগা-৩ চৰ্বি প্ৰদান কৰে। এই চৰ্বিয়ে ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰি আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই আৰ্দ্ৰতা আৰু পুষ্টি আবদ্ধ কৰি ৰাখে, যিয়ে ছাল উজ্জ্বল কৰি ৰাখে।
৩. মিঠা আলু : আখৰোটৰ বাহিৰে মহিলাসকলে মিঠা আলু খাব পাৰে। এই বিশেষ খাদ্যত বিটা-কেৰ’টিন পোৱা যায়, যি চুলি, ছাল আৰু নখৰ পুষ্টিৰ বাবে কাম কৰে। ইয়াৰ লগতে, ইয়াত অমেগা-৩ ফেটি এচিড, ভিটামিন এ, বি, চি, ডি, ই আৰু কে পোৱা যায়, যিবোৰ মানুহৰ স্বাস্থ্যৰ বাবে ভাল। মানুহৰ শৰীৰত থকা মুক্ত ৰেডিকেলবোৰে বাৰ্ধক্যৰ ফালে লৈ যায়, কিন্তু যদি মহিলাসকলে মিঠা আলু সেৱন কৰে, তেন্তে ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে এই কাৰ্য্ক বন্ধ কৰি বয়সৰ চাপ আঁতৰাই ৰাখে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here