ৰাজ্যত স্থাপন হ’ব তিনিখন পশু ক্ৰিটিকেল কেয়াৰ হস্পিটেল

0
326

পোহনীয়া জন্তুৰ সংকটকালীন অৱস্থাৰ চিকিৎসাত সহায়ক হোৱাকৈ ৰাজ্যত চলিত বিত্তীয় বৰ্ষত স্থাপন কৰা হ’ব তিনিখনকৈ ক্ৰিটিকেল কেয়াৰ হস্পিটেল বা সংকটকালীন পৰিচৰ্যা চিকিৎসালয়৷ সপ্তাহটোৰ প্ৰতিটো দিনতেই ২৪ ঘণ্টা ধৰি খোলা থাকিব এই চিকিৎসালয়কেইখন৷ 
আনহাতে ৰাজ্যখনৰ চাহিদা অনুপাতে গাখীৰ, মাংস, কণী আদিৰ উৎপাদন বৃদ্ধিৰ বাবে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত চলিত  বিত্তীয় বৰ্ষত কেইবাখনো জনমুখী আঁচনিও গ্ৰহণ কৰা হৈছে৷ গুৱাহাটীৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকালয়ত অনুষ্ঠিত বিশ্ব পশু চিকিৎসা দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই এইদৰে কয়৷ 
নৱপ্ৰজন্মই কৃষি আৰু পশুপালন খণ্ডৰ মাজেৰেই আত্মনিৰ্ভৰশীলতাৰ পথৰ সন্ধান কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই এয়া ৰাজ্যখনৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে৷ প্ৰতিদিনে অসমত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে অসম চৰকাৰৰ হোৱা চুক্তিখনে ৰাজ্যখনত শ্বেত বিপ্লৱৰ সূচনা কৰিব বুলিও তেওঁ উল্লেখ কৰে৷
ডাঃ অৱনী চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত প্ৰগতিশীল পশুপালক প্ৰণৱ মালী, হিতেশ দাস, গৌৰীশংকৰ ৰায়, প্ৰদীপ নাথ আৰু অঞ্জনজ্যোতি কলিতাক সম্বৰ্ধনা জনোৱা হয়৷ অসম পশুপালন আৰু¸ পশু চিকিৎসা সেৱা সন্থা আৰু অসম পশু চিকিৎসা পৰিষদৰ যৌথ উদ্যোগত আৰু সন্থাৰ কামৰূপ জিলা শাখা আৰু ইনটাছ ফাৰ্মাচিউটিকেলৰ সহযোগত অনুষ্ঠানটো আয়োজিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here