সৌৰশক্তি আহৰণৰ ক্ষেত্ৰত এ পি ডি চি এললৈ বঁটা

0
217

ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও দেশৰ শক্তি খণ্ডৰ প্ৰতি অহা প্ৰত্যাহবানৰ লগত মোকাবিলা কৰাৰ বাবে বৰ্তনীয় বিকাশক উদগনি দিবলৈ কিছুমান উল্লেখনীয় পদক্ষেপ হাতত লৈছে৷ নেশ্যনেল ছ’লাৰ মিছনৰ অধীনত সৌৰশক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক গোলকীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ, অসম চৰকাৰৰ অধীনৰ এক ৰাজহুৱা খণ্ডৰ শাখা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে [এ পি ডি চি এল] ৩১ মাৰ্চ, ২০২২ তাৰিখৰ হিচাপত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অধিকতম মূধচত সৌৰশক্তি সংস্থাপন কৰাৰ কৃতিত্বৰ বাবে বঁটা লাভ কৰিছে৷ 
কেৰালাৰ কোচিনত অনুষ্ঠিত এছ’চিয়েশ্যন অব্‌ ৰিনিউবল এনাৰ্জি এজেন্সিছ অব্‌ ষ্টেটছৰ দ্বাৰা আয়োজন কৰা প্ৰতিষ্ঠা দিৱস বঁটা বিতৰণী অনুষ্ঠানত ২০২১-২২১ সময়ছোৱাত বেষ্ট পাৰফৰমেন্স ইন ৰিনিউব’ল এনাৰ্জি ছেক্টৰ’ বঁটা ভাৰত চৰকাৰৰ নব্য আৰু নবীকৰণীয় শক্তি দ৫১১ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই প্ৰদান কৰে৷ এ পি ডি চি এলৰ পৰিচালন সঞ্চালকৰ হৈ মুখ্য মহাপ্ৰবন্ধক [নব্য আৰু নবীকৰণীয় শক্তি] শান্তনু বৰাই বঁটাটো গ্ৰহণ কৰে৷ উল্লেখ্য যে এ পি ডি চি এলে অসমত ১৭০ মেগাৱাটৰ বৃহৎ পৰিসৰৰ গ্ৰীড সংযোগী সৌৰ প্লাণ্ট সংস্থাপনৰ আৰু প্ৰায় ৩০ মেগাৱাটৰ গ্ৰীড সংযোগী ৰুফটপ সৌৰশক্তি সংস্থাপনৰ কৃতিত্ব অৰ্জন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here