শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে এই লক্ষণবোৰৰ পৰাই বুজিব

0
206

মানৱ শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট, ফেট আদি খাদ্যত থকাটো অতি গুৰুত্বপূৰ্ণ, ঠিক একেদৰে ভিটামিন আৰু খনিজ পদাৰ্থও মানৱ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল উপাদান৷ এই খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থটো হৈছে কেলচিয়াম৷ শৰীৰৰ বিভিন্ন অংগ বিশেষকৈ হাড় আৰু দাঁতৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম অপৰিহাৰ্য৷ হাড় আৰু দাঁত নিৰোগী তথা মজবুত কৰি ৰাখিবলৈ কেলচিয়াম অন্যন্ত জৰুৰী৷ কেলচিয়ামৰ অভাৱ হ’লে হাড় তথা দাঁতৰ বিভিন্ন বেমাৰে দেখা দিব পাৰে৷ আনহাতে বৃদ্ধ বয়সত শৰীৰত কেলচিয়ামৰ অভাৱ ঘটা দেখা যায়৷ তেনে সময়ত শৰীৰত উপযুক্ত পৰিমাণে কেলচিয়াম নাথাকিলে নানা অসুবিধা হোৱাৰ লগতে সমস্যাই দেখা দিব পাৰে৷ সেয়েহে বৃদ্ধ অৱস্থাত চিকিৎসকে কেলচিয়ামৰ পৰিপূৰক খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে৷ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে কি কি গুৰুতৰ লক্ষণে দেখা দিব পাৰে জানো আহক৷
শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে পেশীৰ বিষ, ভৰি-বাহুৰ বিষ, ভৰি বা হাতৰ গাঁঠিৰ বিষ অনুভৱ হয়৷ কেতিয়াবা লৰচৰ কৰিব নোৱৰা অৱস্থাৰো সৃষ্টি হ’ব পাৰে৷ এই ক্ষেত্ৰত খোজ কঢ়াৰ যথেষ্ট অসুবিধাৰ সন্নুখীন হোৱা দেখা যায়৷ এনেধৰণৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷
শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে চৰম ক্লান্তি অনুভৱ হয়৷ একো কাম কৰিবলৈ মন নোহোৱা হয়, এলেহুৱা অৱস্থাপ্ৰাপ্ত হয়, মূৰৰ বিষ বা মূৰ ঘূৰণি আদিও হ’ব পাৰে৷  ফলস্বৰূপে অনিদ্ৰাই দেখা দিব পাৰে৷ মনোযোগ নোহোৱা, পাহৰণি শক্তি বৃদ্ধি পোৱা আদি কাৰকেও দেখা দিব পাৰে৷
কেলচিয়ামৰ অভাৱৰ ফলত হাড়ৰ অষ্টিঅ’পৰ’ছিছ ৰোগৰ সৃষ্টি হ’ব পাৰে৷ এনে অৱস্থা হ’লে শৰীৰে হাড়বোৰৰ পৰা কেলচিয়াম শোষণ কৰে আৰু হাড়বোৰ ঠুনুকা
, ভংগুৰ হয়৷ হাড়ৰ অত্যন্ত বিষ অনুভৱ হয়৷
শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে চুলি, নখ, ছাল আদি শুষ্ক হৈ পৰে৷ ছালৰ খজুৱতি, প্ৰদাহ, নখবোৰ শুকান হৈ লগতে ভাঙি যোৱা আদি কাৰকে দেখা দিব পাৰে৷
শৰীৰত কেলচিয়ামৰ মাত্ৰা কমি গ’লে হূদযন্ত্ৰৰ পেশীবোৰে সঠিকভাৱে কাম নকৰা হয়৷ এনে অৱস্থাত হূদযন্ত্ৰৰ মাংসপেশীবোৰ সংকুচিত হয়৷ যাৰ ফলত হূদযন্ত্ৰৰ কাৰ্যকলাপ অস্বাভাৱিক হয়, হৃদযন্ত্ৰ
ই সঠিকভাৱে
 কাম কৰিব নোৱৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here