ক’ভিডৰ নেজেল ভেক্‌চিনত ডি চি জি আইৰ অনুমোদন

0
247

১৮ বছৰ বয়সৰ ঊধবৰ্ৰসকলৰ বাবে ভাৰত বায়’টেকৰ ইণ্ট্ৰানেজেল ক’ভিড ভেকচিনৰ সীমিত জৰুৰী ব্যৱহাৰত ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক চমুকৈ ডি চি জি আই-এ অনুমোদন জনায়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই এই কথা প্ৰকাশ কৰে আৰু কয় যে ভাৰত বায়’টেকৰস্তু৩৬ [চিম্পাঞ্জী এডেন’ভাইৰাছ ভেক্টৰড্‌] নামৰ ক’ভিড-১৯১ ভেক্‌চিনটো জৰুৰী পৰিস্থিতিত ১৮ বছৰৰ ঊধবৰ্ৰসকলৰ বাবে সীমিত ব্যৱহাৰত ডি চি জি আয়ে অনুমোদন জনাইছে৷ ক’ভিড-১৯১ বিৰুদ্ধে ভাৰতৰ যুঁজলৈ এইটো এটা নতুন শক্তি৷ হায়দৰাবাদৰ ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেড বা বি বি আই এল-এ কয় যে প্ৰায় চাৰি হাজাৰ স্বেচ্ছাসেৱকক লৈ নেজেল ভেক্‌চিনটো পৰীক্ষা কৰা হৈছিল আৰু এতিয়ালৈকে কোনো পাশ্বৰ্ক্ৰিয়া বা বিৰূপ প্ৰতিক্ৰিয়াৰ খবৰ পোৱা হোৱা নাই৷ যোৱা মাহত কোম্পানীটোৱে কৈছিল যে এই ভেক্‌চিনটো নিৰাপদ৷ তদুপৰি এই ভেক্‌চিন মধ্যমীয়া আয়ৰ দেশবোৰলৈ যাতে কম খৰচত যোগান ধৰিব পাৰি সেই কথাও বিবেচনা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here