‘সেউজীয়া চকুৰ ছোৱালীজনী’ৰ বৰ্তমান ঠিকনা ক’ত? What is the present address of the green-eyed girl?

0
311

১৯৮৫ চনত ‘নেশ্যনেল জিঅ’গ্ৰাফিক’ত আফগানিস্তানৰ এগৰাকী সেউজীয়া চকুৰ ছোৱালী শ্বৰবত গুলাৰ ফটো প্ৰকাশ পাইছিল৷ এই ফটোখন হৈ পৰিছিল আফগানিস্তানৰ যুদ্ধৰ প্ৰতীক৷ বৰ্তমান চাৰিটা সন্তানৰ মাতৃ শ্বৰবত গুলাই আফগানিস্তানৰ পৰা পলাই যোৱাৰ পাছত ইটালিয়ে আশ্ৰয় দিয়ে৷ ইটালিৰ চৰকাৰে জনোৱা মতে, তালিবানে আফগানিস্তান দখল কৰাৰ পাছত শ্বৰবত গুলাই আফগানিস্তানৰ পৰা পলাই যাবলৈ ইটালি চৰকাৰৰ সহায় বিচাৰিছিল৷ সেয়ে চাৰিটা সন্তানৰ সৈতে ইটালি চৰকাৰে গুলাক ইটালিলৈ লৈ যায়৷ গুলাৰ স্বামীৰ বহু বছৰৰ আগতে মৃত্যু হৈছে৷ গুলাৰ ফটোখন যেতিয়া প্ৰকাশ পাইছিল তেতিয়া তেওঁ আছিল ১২ বছৰীয়া আৰু পাকিস্তান-আফগানিস্তান সীমান্তৰ এটা শৰণাৰ্থী শিবিৰত বাস কৰিছিল৷ ২০১৬ চনত ভুৱা পৰিচয়-পত্ৰেৰে পাকিস্তানত বাস কৰা বাবে তেওঁক পাকিস্তানৰ এখন আদালতে ১৫ দিনৰ কাৰাদণ্ড আৰু ১,১০,০০০ পাকিস্তানী মুদ্ৰাৰ জৰিমনা বিহিছিল৷ পাছত তেওঁক আফগানিস্তানলৈ পৰিয়ালৰ সৈতে পঠাই দিয়া হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here