নিটি আয়োগৰ এম পি আইত দেশৰ দৰিদ্ৰতম ৰাজ্য কোনখন? Which is the poorest state according to NITI Aayog’s MPI?

0
597
নিটি আয়োগৰ বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক চমুকৈ MPI-ৰ মতে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ দৰিদ্ৰতম ৰাজ্য৷ সূচকাংকৰ মতে বিহাৰৰ ৫১.৯১ শতাংশ, ঝাৰখণ্ডৰ ৪২.১৬ শতাংশ আৰু উত্তৰ প্ৰদেশৰ ৩৭.৭৯ শতাংশ লোক দৰিদ্ৰ৷ ৩৬.৬৫ শতাংশ দৰিদ্ৰ লোকেৰে মধ্য প্ৰদেশ চতুৰ্থ স্থানত আছে৷ ৩২.৬৭ শতাংশ দৰিদ্ৰ লোকেৰে মেঘালয় আছে এই তালিকাৰ পঞ্চম স্থানত৷ আনহাতে কেৰালা (০.৭১ শতাংশ), গোৱা (৩.৭৬ শতাংশ), ছিকিম (৩.৮২ শতাংশ), তামিলনাডু (৪.৮৯ শতাংশ) আৰু পঞ্জাব (৫.৫৯ শতাংশ) আছে তালিকাৰ আটাইতকৈ নিম্ন স্থানত৷ এই বিষয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক চমুকৈ এম পি আইৰ তিনিটা সমগুৰুত্বৰ মাত্ৰা আছে– স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মান৷ এই তিনিটাৰ অৱস্থা বুজিবলৈ ১২টা সূচক ব্যৱহাৰ কৰা হৈছিল৷ সেইবোৰ হৈছে পৰিপুষ্টি, শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ, গৰ্ভৱৰ্তী অৱস্থাৰ শুশ্ৰূষা, শিক্ষাৰ বয়স, বিদ্যালয়ত উপস্থিতি, ৰন্ধন ইন্ধন, অনাময় ব্যৱস্থা, খোৱাপানী, ঘৰ, সম্পত্তি আৰু বেংকৰ একাউণ্ট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here