আচৰিত নহয়নে ? পানীত থাকিও কেতিয়াও পানী নাখায়

0
30

এই পৃথিৱীৰ কিছুমান বিচিত্ৰ ঘটনাৰ কথা শুনিলে আচৰিত নহৈ নোৱাৰি৷ যিবোৰ ঘটনা তথা কামেই আমাৰ খোৰাক যোগোৱাৰ লগতে পৃথিৱীখনৰ বিষয়ে আৰু অধিক জনাৰ সুবিধা দিয়ে৷ এই পৃথিৱীত এনে এবিধ প্ৰাণী আছে, যি পানীত বাস কৰিও কেতিয়াও পানী সেৱন নকৰে৷ কিন্তু আমি সকলোৱে এটা কথা নিশ্চয় জানো যে পানী অবিহনে কোনো প্ৰাণী বা উদ্ভিদ জীয়াই থকাটো সম্ভৱ নহয়৷ তেনেহ’লে এই প্ৰাণীবিধে পানী অবিহনে সঁচাকৈয়ে জীয়াই থাকেনে? ইয়াৰ ৰহস্য বা অজানা কথাটোনো কি সেয়াহে জানিবলগীয়া৷ এই পানীবিঝৰ নাম বেং বা ভেকুলী৷ বেঙে পানী সেৱন নকৰাৰ পাছত অৱশ্যে বিজ্ঞানসন্মত কাৰণ আছে৷ বেঙৰ ছাল আৰ্দ্ৰ৷ সেয়ে বেঙে ছালৰ সহায়ত পানী শোষণ কৰে আৰু আন মাধ্যমেৰে বেঙৰ পানী সেৱন কৰাৰ প্ৰয়োজন নহয়৷ ছালত সঞ্চিত হৈ থকা পানীৰেই গৰম বা শুষ্ক অৱস্থাত বেঙে বাচি থাকে৷ কিন্তু বেঙে বৰ্ষাকালত টিছু তথা মূত্ৰাশয়ত পানী সঞ্চয় কৰি ৰাখে৷ প্ৰয়োজনত সঞ্চিত পানী শোষণ কৰি শুষ্ক অৱস্থাত বাচি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here