সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াৰপৰা পৰিত্ৰাণৰ উপায়

0
314


বহুতেই ভাবে যে ছানবাৰ্ন আৰু ছান পইজনিং একেই৷ জনা ভাল যে এই দুটা সম্পূৰ্ণ ভিন্ন সমস্যা৷ কিন্তু এই দুই সমস্যাৰ বাবে দায়ী সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি৷ কৰ্মব্যস্ততাত প্ৰখৰ ৰ’দত বাহিৰত ঘুৰি ফুৰাৰ ফলত তাপমাত্ৰাজনিত একাধিক সমস্যাই দেখা দিয়ে৷ ছানবাৰ্ন, হিট ষ্ট্ৰক, ছান পইজনিং আদি এইধৰণৰ সমস্যা৷ আনহাতে ছানবাৰ্ন আৰু সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়া বা ছান পইজনিঙৰ উপসৰ্গ একে হ’লে বহু পাৰ্থক্য আছে৷ সাধাৰণতে ছানবাৰ্ন হ’ল অপেক্ষাকৃত মৃদু সমস্যা আনহাতে ছান পইজনিং এক জটিল সমস্যা৷
ছান পইজনিং বা সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াত ছালখন সাংঘাতিকবাৱে ক্ষতিগ্ৰস্ত হয়৷ যন্ত্ৰণাত ছালখন স্পৰ্শকাতৰ হৈ যায়৷ যিধৰণৰ যন্ত্ৰণা হয় সহ্যৰ বাহিৰলৈ যায়৷
অতিবেঙুনীয়া ৰশ্মিৰ বিষক্ৰিয়াত ছালখন ফোহাপৰ্যন্ত উঠে৷ আনকি বেছি সংক্ৰমণ জটিল হ’লে আক্ৰান্ত অংশ ফুলি উঠে৷
সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াৰ ফলত মূৰৰ বিষ, জ্বৰ বা বমিও হ’ব পাৰে৷ আনকি শৰীৰত ডিহাইড্ৰেশ্যন বা জলশূন্যতায়ো দেখা দিব পাৰে৷
সূৰ্যৰ ৰশ্মিৰ বিষক্ৰিয়াৰ পৰা বাচিবলৈ গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাটো অত্যন্ত জৰুৰী৷ আনহাতে প্ৰচণ্ড গৰমত কৰ্তব্যৰ খাতিৰত বাহিৰলৈ ওলাবলগীয়া হ’লে পাতল কপাহী কাপোৰহে পিন্ধিব লাগে, গা-মূৰ সম্পূৰ্ণ ঢাকি ওলাব লাগে৷ মুখখন সম্পূৰ্ণ আৱৰেণেৰে ঢাকি দিব লাগে৷
মুখ বা গাতত ছালৰ উফযোগী ছানস্কিন লোচন সানিব লাগে৷ বাহিৰলৈ ওলোৱাৰ সময়ত ভিজা ৰুমাল লগত ৰাখিলে ভাল৷ সেইখনেৰে মুখখন মচি থাকিব পাৰে৷
বাহিৰৰ পৰা ঘৰ সোমাওঁতে ফ্ৰীজৰ বৰফ ঠাণ্ডা পানীৰে মুখখন, হাত ভৰি ধুই দিব, যাতে বাহিৰলৈ যাওঁতে লগা ধূলি বালি আৰু ছালৰ উষ্ণতা শীতল কৰি ৰাখে৷ ছান পইজনিঙৰ পৰা বাচিবলৈ কুল কম্প্ৰেছ অত্যন্ত দৰকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here