উজ্জ্বলৰ পৰা উজ্জ্বলতৰহঠাৎ শনি গ্ৰহৰ ৰং সলনি

0
1174


শনি সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ৷ এই গ্ৰহৰ চাৰিওফালে বলয় আছে কাৰণে সকলো গ্ৰহতকৈ শনি গ্ৰহ দেখিবলৈ ধুনীয়া৷ এই বলয়ৰ বাবেই সৌৰজগতত শনি এটা সুকীয়া পৰিচয় আছে৷ প্ৰথমাৱস্থাত এই বলয়বোৰ সুস্পষ্ট আছিল যদিও সময়ৰ লগে লগে ইয়াৰ গাত আঁচোৰ পৰিবলৈ ধৰে৷ বিজ্ঞানীয়ে সেই ৰঙৰ এইবাৰ পৰিৱৰ্তন লক্ষ্য কৰিছে৷ বিজ্ঞানীয়ে জনোৱা মতে ক্ৰমশঃ উজ্জ্বল হৈ উঠিছে শনিৰ বলয়৷ শনিৰ গাত অতিবেঙুনীয়া ৰশ্মি পৰাটো বিজ্ঞানীয়ে লক্ষ্য কৰিছে৷ বিশেষকৈ শনি গ্ৰহৰ উত্তৰ গোলাৰ্ধত দিশত এই অতিবেঙুনীয়া ৰশ্মি পৰা দেখা পাইছে৷ ইয়াৰ প্ৰতিফলন গ্ৰহটোৰ অন্য অঞ্চললৈও হৈছে৷ যাৰ ফলত শনি গ্ৰহৰ বলয়ৰ ৰং অতিবেঙুনীয়া হৈ পৰিছে৷ হাবল স্পেচ টেলিস্কোপ তথা কেচিনিয়ে তোলা ফটোত শনিৰ গ্ৰহৰ ৰঙৰ এই পৰিৱৰ্তন স্পষ্টৰূপত দেখা গৈছে৷ বিষয়টোক লৈ গৱেষণা কৰাত দেখা গৈছে যে শনিৰ উত্তৰ গোলাৰ্ধত অত্যধিক মাত্ৰাত অতিবেঙুনীয়া ৰশ্মি নিৰ্গত হৈছে৷ অৱশ্যে ইয়াৰ আঁৰত উষ্ণায়নৰকথা আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ শনিৰ বলয়ত সিংহভাগ ৰৈছে বৰফ৷ স্বাভাৱিকভাৱে তাত হাইড্ৰজেন পোৱা যায়৷ তাৰ পৰাই প্ৰতিফলিত হৈছে অতি বেঙুনীয়া ৰশ্মি, যাক বোলা হয় লাইমেন আলফা ৰেডিয়েশ্যন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here