ভাৰতৰ ‘মিনি আফ্ৰিকা’ৰূপেপৰিচিত গাঁওখন ক’ত জানেনে?

0
160


বৈচিত্ৰ্যময় ভাৰতত আফ্ৰিকা মূলৰ লোকো যে আছে সেই কথা বহুতে নাজানে৷ দেশত ৭৫০ বছৰৰ আগৰে পৰা এই লোকসকলে বসবাস কৰি আহিছে৷ ছিদ্দি সম্প্ৰদায়ৰ এই লোকসকল এতিয়াও আফ্ৰিকানৰ দৰেই৷ তেওঁলোকৰ শাৰীৰিক গঠন, গাৰ ৰং তথা চুলি আদি আফ্ৰিকানৰ দৰেই৷ এই সম্প্ৰদায়টোৰ ভাৰতত প্ৰায় ৫০ হাজাৰ নাগৰিক আছে৷ এই লোকসকলে কেইবাশ বছৰ বসবাস কৰি আহিছে গুজৰাটৰ জম্বুৰ নামৰ গাঁওখনত৷ এই গাঁওখন সমগ্ৰ বিশ্বতে ভাৰতৰ মিনি আফ্ৰিকা ৰূপে পৰিচিত৷ ইয়াত বাস কৰা ছিদ্দি সম্প্ৰদায়ৰ অধিকাংশ ইছলাম ধৰ্মাৱলম্বী৷ হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোকো ইয়াত আছে৷ এই সম্প্ৰদায়টো মূলতঃ আফ্ৰিকাৰ বন্তু সম্প্ৰদায়ৰ অংশ আছিল৷ বন্তু সম্প্ৰদায়ৰ লোকসকল দক্ষিণ-পূব আফ্ৰিকাত আছে৷ এই সম্প্ৰদায়টোৰ পূৰ্বপুৰুষক পৰ্টুগীজসকলে দাস ৰূপে ভাৰতলৈ আনিছিল৷ ইয়াৰ লগতে আৰবৰ পৰা অহা ব্যৱসায়ীসকলেও লগত আফ্ৰিকাৰ পৰা বৃহৎসংখক লোকক দাস হিচাপে লগত আনিছিল৷ এই লোকসকলক ব্যৱসায়ীসকলে ভাৰতৰ ৰজাক উপহাৰ হিচাপে দিছিল৷ তেতিয়াৰ পৰা ছিদ্দি সম্প্ৰদায়ৰ লোকসকলে গুজৰাটৰ এই গাঁওখনত বসবাস কৰিবলৈ লয়৷ আন এক কাহিনী মতে, জুনাগড়ৰ নবাবে আফ্ৰিকা ভ্ৰমণ কৰাৰ সময়ত এগৰাকী আফ্ৰিকান মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ এই মহিলাগৰাকীয়ে নিজৰ লগত এশ দাস লগত লৈ ভাৰতলৈ আহিছিল৷ এই লোকসকলেই গুজৰাটত গাঁও পাতি বাস কৰিবলৈ লয়৷ অৱশ্যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই লোকসকলৰ অৱস্থাৰ উন্নতি হোৱা নাই৷ তেওঁলোকে বাস কৰা ঘৰৰ নথি-পত্ৰও তেওঁলোকৰ নামত নাই৷ এতিয়াও তেওঁলোকে বাস কৰে কেঁচা ঘৰত৷ গাঁওখনৰ অধিকাংশই দিন হাজিৰা কৰি পেট প্ৰৱৰ্তায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here