সুখবৰ ! দেশত প্ৰথমবাৰৰ বাবে লিথিয়ামৰ ভাণ্ডাৰ আৱিষ্কাৰ

0
385


ভাৰতত প্ৰথমবাৰৰ বাবে লিথিয়ামৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিছে৷ ভাৰতৰ ভূতাত্ত্বিক জৰীপ বিভাগ চমুকৈ জি এছ আই-এ জম্মু কাশ্মীৰৰ ৰিয়াচীত ৫৯ লাখ টন লিথিয়ামৰ এই ভাণ্ডাৰ আৱিষ্কাৰ কৰিছে৷ ভাৰতত লিথিয়ামৰ এই আৱিষ্কাৰৰ কথা কেন্দ্ৰীয় চৰকাৰৰ খনি মন্ত্ৰ্যালয়ে ঘোষণা কৰে৷ বৰ্তমান সময়ত আন্তঃৰাষ্ট˜ীয় ক্ষেত্ৰখনত এই লিথিয়ামৰ অত্যন্ত চাহিদা আছে৷ লিথিয়াম হৈছে এবিধ নন ফেৰাছ বা অলৌহ ধাতু৷ প্ৰচুৰ গুৰুত্বপূৰ্ণ এই লিথিয়াম মোবাইল ফোন, লেপটপ, বৈদু্যতিক বাহন, চাৰ্জ দিয়া বেটাৰী আদিকে ধৰি নানান ঔদোগিক ক্ষেত্ৰত লিথিয়ামৰ ব্যৱহাৰ কৰা হয়৷ উল্লেখ্য যে ভাৰতবৰ্ষই এতিয়ালৈকে লিথিয়ামৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া দেশতে এই ধাতুবিধ আৱিষ্কাৰ হোৱাৰ লগে লগে বহুদিনীয়া এটা সপোন পূৰণপ দিশে আগবাঢ়িছে আৰু ইয়াৰ ফলত দেশে আৰ্থিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে লাভৱান হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here