হিমবাহৰ হ্ৰদে বিপদাপন্ন কৰিছে নাগৰিকৰ জীৱন : ক’ত?

0
196


সমগ্ৰ বিশ্বজুৰি হিমবাহৰ হ্ৰদে মানৱ জীৱনলৈ দুৰ্বিষহ জীৱন কঢ়িয়াই আনিছে৷ বিশেষকৈ বিশ্বৰ ভিতৰতে ভাৰতীয় নাগৰিকৰ বাবে এয়া অত্যন্ত বেয়া খবৰ হিচাপে বিবেচিত হৈছে৷ হিমবাহৰ হ্ৰদে প্ৰায় ৩০ লাখ ভাৰতীয় লোকৰ বাবে বিপদ মাতিছে৷ এই দুখজনক খবৰ অলপতে নেচাৰ কমিউনিকেশ্যনৰ পত্ৰিকাত প্ৰকাশ পাইছে৷ বিশ্বজুৰি হিমবাহ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰাত এই হিমবাহসমূহৰ হ্ৰদসমূহ যিকোনো মুহূৰ্ততে ভাহি তললৈ নামি অহাৰ আশংকাই দেখা দিছে৷ এইদৰে যিকোনো মুহূৰ্ততে হিমবাহৰ হ্ৰদসমূহ তললৈ নামি অহাৰ ফলত ইয়াৰ দাঁতিত বাস কৰি থকা বাসিন্দাৰ জীৱন বিপদাপন্ন হোৱাটো তেনেই স্বাভাৱিক কথা৷ প্ৰত্ৰিকাখনৰ উল্লেখ কৰা মতে এই হিমবাহৰ হ্ৰদৰ স্খলনৰ ফলত সমগ্ৰ বিশ্বৰ প্ৰায় ১.৫ কোটি নাগৰিক আৰু ভাৰতবৰ্ষৰ ৩০ লাখ নাগৰিকৰ জীৱন বিপদাপন্ন হৈ পৰিব৷ মন কৰিবলগীয়া কথা যে হিমবাহৰ নামনিত বসবাস কৰা লোকৰ অৰ্ধেকেই বাস কৰে ভাৰত, পাকিস্তান, চীন আৰপ পেৰুত৷ নেচাৰ কমিউনিকেশ্যনছ নামৰ পত্ৰিকাখনত এই তথ্য প্ৰকাশ পাইছে৷ ব্ৰিটেইনৰ নিউকেচলছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নেতৃত্বত আন্তৰ্জাতিক পৰ্যায়ত হিমবাহক লৈ পৰীক্ষা-নিৰীক্ষাৰ অন্তত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here