ভাত খাই উঠিয়েই এইবোৰকাম কেতিয়াও নকৰিব

0
695


বহুতেই ভাত খাই উঠিয়েই নানা কাম ব্যস্ত হৈ পৰে৷ কিন্তু এইটো কৰাটো জানো উচিত৷ জনাটো দৰকাৰ যে ভাত খাই উঠি লগে লগে কিছুমান কাম কৰা উচিত নহয়৷ জনো আহক ভাত খাই উঠিয়েই কি কি কাম কৰা অনুচিত৷
ভাত খাই লগে লগে শোৱাটো অত্যন্ত বেয়া অভ্যাস৷ এই অভ্যাসৰ ফলত শৰীৰৰ নানা ক্ষতি হ’ব পাৰে৷ ইয়াৰ ফলত শৰীৰত মেদ জমা হৈ ওজন বৃদ্ধিকে ধৰি শৰীৰত বিভিন্ন মাৰাত্মক কাৰকে দেখা দিব পাৰে৷
বহুতেই ভাত খাই উঠি ফল খায়৷ এনে অভ্যাস থাকিলে পৰিত্যাগ কৰক৷ ভাত খাই উঠিয়েই ফল খালে গেছৰ সমস্যা, হজমৰ সমস্যা আদি বৃদ্ধি হৈ পাছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে৷
বহুতেই ভাত খোৱাৰ পাছত বেŒI× বা কঁকালৰ কাপোৰ ঢিলা কৰি দিয়ে৷ এনে কৰা উচিত নহয়৷ কিয়নো ভাত খাই উঠিয়েই এইধৰণৰ অভ্যাস কৰিলে ক্ষুদ্ৰান্তৰ পৰা মলদ্বাৰপৰ্যন্ত খাদ্যনলীৰ নিম্নাংশ বেঁকা হ’ব পাৰে বা পেটি যি ঠাইত থাকে, তাত ব্লক হ’বও পাৰে৷ এই সমস্যাক ইণ্টেষ্টাইনেল অবষ্ট˜াকশ্যন বোলা হয়৷
ভাত খাই উঠি কেতিয়াও খোজ নাকাঢ়িব৷ ভাত খাই কিছু সময় জিৰণি লৈহে খোজ কাঢ়ক৷
বহুতকে দেখা যে ভাত খোৱাৰ পাছতে চাহ, কফি আদি সেৱন কৰে৷ কিন্তু এই অভ্যাস স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ কিয়নো চাহত থকা টেনিক এচিড ভাতৰ সৈতে মিহলি হৈ নানাধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে ভাত খোৱাৰ অন্ততঃ এঘণ্টামান পাছতে চাহ, কফি আদি সেৱন কৰক৷
ভাত খোৱাৰ পাছতে ধূমপান সেৱনৰ অভ্যাস পৰিত্যাগ কৰক৷ ইয়াৰ ফলত শৰীৰত নানা বিসংগতিয়ে দেখা দিব পাৰে৷
ভাত খাই উঠিয়েই কেতিয়াও শৰীৰচৰ্চা নকৰিব৷ শৰীৰটোক অলপ সময় জিৰণি দিহে শৰীৰচৰ্চা কৰক৷
ভাত খোৱাৰ পাছত কেতিয়াও গা নুধুব৷ গা ধোৱাৰ সময়ত শৰীৰৰ তেজৰ সঞ্চালন প্ৰক্ৰিয়াৰ মাত্ৰা বাঢ়ি যায়৷ ইয়াৰ ফলত পাকস্থলীৰ চাৰিওফালে তেজৰ পৰিমাণ বাঢ়ি যায়৷ যিয়ে পৰিপাকতন্ত্ৰক দুৰ্বল কৰি দিয়ে৷ ফলত হজমৰ স্বাভাৱিক সময়ত নহৈ হজম প্ৰক্ৰিয়া মন্থৰ কৰি দিয়ে৷ সেয়ে খোৱাৰ পাছত স্নান বা গা ধোৱাটো উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here