সুখবৰ ! উদ্ভাৱন হ’ল কেঞ্চাৰ ৰোগৰ টেবলেট

0
400

মানৱ জীৱনত কেঞ্চাৰে অভিশাপস্বৰূপে দেখা দিছে৷ সমগ্ৰ বিশ্বতে বছৰি কেইবাহাজাৰ লোকৰ অকল কেঞ্চাৰ ৰোগৰ বাবে মৃত্যুক সাবটিবলগীয়া হৈছে৷ কেঞ্চাৰৰ নিৰ্মূলৰ বাবে গৱেষক-বিজ্ঞানীৰ দলে অহোপুৰুষাৰ্থ কৰি আহিছে যদিও বৰ্তমানে সম্পূৰ্ণ সফল হ’ব পৰা নাই৷ 
সময়ে সময়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন ঔষধ উদ্ভাৱন কৰিছে, কিন্তু এনে ঔষধৰ সুদূৰপ্ৰসাৰী ফলাফল আজিলৈকে লাভ কৰা নাই৷ এইবাৰ কৰ্কট ৰোগক জয়ী কৰাৰ দিশে এঢাপ আগবাঢ়িছে গৱেষকৰ দলে৷ শেহতীয়াকৈ কৰ্কট নিৰাময়ৰ এক খবৰে বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে৷ 
জানিব পৰা মতে দীৰ্ঘদিন ধৰি মলদ্বাৰ কেঞ্চাৰত আক্ৰান্ত হৈ থকা ১৮গৰাকী লোকৰ দেহত পৰীক্ষামূলকভাৱে ডষ্টাৰলিমেব নামৰ ঔষধবিধ প্ৰয়োগ কৰাৰ পাছত ৰোগীৰ শৰীৰৰ পৰা টিউমাৰ নোহোৱা হৈছে আৰু সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে৷ শেহতীয়াকৈ এই চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পাইছে দ্য নিউয়ৰ্ক টাইমছত৷ 
মলদ্বাৰত হোৱা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঔষধ এটাৰ প্ৰাৰম্ভিক পৰীক্ষণৰ অন্তৰ্ভুক্ত হোৱা ১৮গৰাকী  লোকৰ প্ৰায় ছমাহৰ বাবে ডষ্টাৰলিমাব নামৰ টেবলেট গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ প্ৰত্যেকৰে টিউমাৰ নাইকিয়া হৈছিল৷ 
উল্লেখ্য যে উক্ত ৰোগীসকলৰ কেঞ্চাৰ ৰোগ নিৰ্মূলৰ বাবে পূৰ্বতে কেম’থেৰাপী, ৰেডিয়েশ্যন আৰু অস্ত্ৰোপচাৰ কৰিছিল যদিও ৰোগৰ পৰা সুফল লাভ কৰা নাছিল৷ নিউয়ৰ্কৰ বিখ্যাত কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান মেম’ৰিয়েল শ্লোৱান কেটেৰিং কেঞ্চাৰ চেণ্টাৰৰ চিকিৎসা বিজ্ঞানী ডাঃ লুই এ ডিয়াজে দাবী কৰে যে কৰ্কটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ এতিয়া ডষ্টাৰলিমেব টেবলেটৰ চমৎকাৰী ফলাফলক লৈ বিশ্বৰ চিকিৎসা বিজ্ঞানীয়ে উৎফুল্লিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here