পুৰুষৰ যৌন ক্ষমতা বৃদ্ধিৰ লগতে গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী এইবিধ শস্য

0
899

খাদ্য উপযোগী পাইন গছৰ বীজ নানাধৰণৰ পুষ্টি উপাদানেৰে সমৃদ্ধ৷ বিশেষজ্ঞই জনোৱা মতে শাৰীৰিক দুৰ্বলতা দূৰ কৰাৰ লগতে দেহত প্ৰ’টিন, ভিটামিনৰ চাহিদা পূৰ কৰিবলৈ পাইন বাদাম অত্যন্ত লাগতিয়াল এবিধ খাদ্য শস্য৷ সাধাৰণতে পাইন গছৰ বীজক পাইন নাট, পাইন বাদাম বা চিলগোজা বুলিও জনা যায়৷ নানা পুষ্টিগুণেৰে সমৃদ্ধ সৰু সৰু আকাৰৰ মিঠা গোন্ধযু্‌ক্ত এইবিধ বীজ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে লাভজনক ফল পোৱা যায়৷ পাইনৰ বীজ প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট তথা ফাইবাৰৰ ভাল উৎস৷ ইয়াত ফলিক এচিড, আইৰন, ভিটামিন-বি কমপ্লেক্স, মেগনেচিয়াম, কপাৰ, জিংক আদি প্ৰচুৰ পৰিমাণে থাকে৷ পুৰুষৰ যৌন স্বাস্থ্যৰ অটুট ৰখাৰ বাবে পাইন বাদাম বা চিলগোজাত থকা ফেটি এচিড আৰু আইৰনৰ দৰে জৰুৰী পুষ্টিকৰ উপাদান অত্যন্ত উপকাৰী৷ যিসকল পুৰুষে পুৰুষত্বহীনতাত ভুগিছে, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাইন বাদাম খাব পাৰে৷ চিলগোজা বা পাইন বাদামত থকা ফেটি এচিডে যৌন ক্ষমতা বজাই ৰখাৰ লগতে শুক্ৰাণুৰ উৎপাদন বঢ়াই দিয়ে৷ পাইন বাদামে টেষ্টোষ্টেৰন হৰমনৰ মাত্ৰা বঢ়োৱাত যথেষ্ট উপকাৰী, যাৰ ফলত যৌন স্বাস্থ্য অটুট থকাত সহায় কৰে৷
আইৰন সমৃদ্ধ উপাদানেৰে ভৰপূৰ পাইন বাদাম মহিলাৰ গৰ্ভাৱস্থাত খোৱাটো অতি জৰুৰী৷ এইবিধ বাদামে ভ্ৰূণক সুস্থ ৰখাত সহায় কৰাৰ লগতে ৰক্তহীনতাৰ সমস্যাও নোহোৱা কৰে৷ অন্তঃসত্ত্বা অৱস্থাত মহিলাসকলে নিয়মিতভাৱে পাইন বাদামে খালে গৰ্ভস্থ ভ্ৰূণৰ উন্নত বিকাশ ঘটে৷ ইয়াৰ উপৰি পাইন বাদামত পোৱা এমিন’ এচিড, লাইছিন আদি গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী৷
পাইন বাদামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি ছিষ্টেম বঢ়োৱাত সহায় কৰে৷ পাইন বাদামত থকা এণ্টিবেক্টিৰিয়েল তথা এণ্টিভাইৰেলধৰ্মী উপাদানে শৰীৰক ক্ষতিকাৰক ৰাসায়নিক উপাদানৰ পৰা ৰক্ষা কৰে৷ এইধৰণৰ এণ্টিঅক্সিডেণ্টে দেহৰ ইমিউনিটি ছিষ্টেম শক্তিশালী কৰে৷
দেহৰ কলেষ্টৰেলৰ মাত্ৰা কমাই শৰীৰক নানাৰকমৰ ঘাতক ৰোগৰ পৰা ৰক্ষা কৰে পাইন বাদামে৷ চিলগোজাত টোকোফেৰল নামৰ এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়, এইবিধ এণ্টিঅক্সিডেণ্টে শৰীৰৰ বেয়া কলেষ্টৰেল কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here