নিচাযুক্ত দ্ৰব্য দাহন অভিযান গুৱাহাটীত গাঞ্জা দাহেৰে শুভাৰম্ভ

0
210

দেশৰ ১৪টা স্থানত নিচাযুক্ত দ্ৰব্য নষ্ট কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ অংশ হিচাপে গুৱাহাটীতো বৃহৎ পৰিমাণৰ গাঞ্জা জ্বলাই দিয়া হয়৷ আজাদী কী অমৃত মহোৎসৱৰ অংশ হিচাপে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে দেশজুৰি ৪২ হাজাৰ কিল’ ড্ৰাগ্‌ছ নষ্ট কৰাৰ অভিযান আৰম্ভ হয়৷
 কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰ্চুৱেলি দেশৰ যিসমূহ স্থানত এই অভিযান আৰম্ভ হয় সকলো স্থানৰে কাম পৰ্যবেক্ষণ কৰে৷ দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰো সাউকুছিত পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে ৭৪৭২.৩৮ কিল’ গাঞ্জা জ্বলাই দিয়ে৷ জ্বলাই দিয়া এই গাঞ্জাখিনিৰ মূল্য প্ৰায় ৯ কোটি টকা আছিল৷ 
উল্লেখ্য যে ম্যানমাৰৰ উপৰি উত্তৰ-পূবৰ একাধিক ৰাজ্যৰ পৰা অসমৰ মাজেৰে দেশৰ বিভিন্ন ৰাজ্যলৈ গাঞ্জা সৰবৰাহ হৈ থাকে৷ অসমলৈয়ো একেদৰে গাঞ্জা সৰবৰাহ হয়৷ অবৈধভাৱে সৰবৰাহ কৰা এই গাঞ্জা বিভিন্ন সময়ত ধৰা পৰাৰ পাছত আদালতৰ নিৰ্দেশ নোপোৱালৈ সংশ্লিষ্ট কৰ্তৃপক্ষই জব্দ কৰা গাঞ্জাসমূহ সুৰক্ষিতভাৱে ৰাখিব লাগে৷ 
আদালতৰ অনুমতি পোৱাৰ পাছতহে সেই নিচাযুক্ত সামগ্ৰী ধ্বংস কৰিব পাৰে৷ অসমত ২০০২ চনৰ পৰা এইপৰ্যন্ত জব্দ কৰা গাঞ্জা জমা হৈ আছিল৷ আদালতৰ পৰা অনুমতি নোপোৱাৰ বাবে ইমান বছৰে বৃহৎ পৰিমাণৰ গাঞ্জা জমা হৈ আছিল৷ 
কিন্তু কেন্দ্ৰীয় চৰকাৰে আজাদী কী অমৃত মহোৎসৱ উপলক্ষে দেশৰ ১৪টা স্থানত নিচাযুক্ত দ্ৰব্য দাহনৰ বাবে লোৱা পৰিকল্পনাৰ দোহাই দি অৱশেষত আদালতৰ দ্বাৰস্থ হয় শুক্ল বিভাগ৷ এই বিভাগে জব্দকৃত গাঞ্জাখিনি দাহন কৰাৰ অনুমতি বিচাৰে৷ অৱশেষত আদালতে অনুমতি দিয়াত প্ৰায় চাৰে সাত হাজাৰ কিল’ গাঞ্জা জ্বলাই দিয়া হয়৷ সাউকুছিৰ এটা লোৰ ফেক্টৰীত গাঞ্জাখিনি দাহ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here