সাৱধান ! ৰাজ্যত নতুন ভাইৰাছ কক্সাকীৰ আতংক

0
1144

ৰাজ্যৰ শিশুসকল এবিধ নতুন ভাইৰাছৰ দ্বাৰা অস্বাভাৱিক সংক্ৰমণৰ কবলত পৰা কাৰ্যত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ৷ স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণক  লৈ প্ৰতিখন জিলা স্বাস্থ্য বিষয়াক সতৰ্ক কৰি দিয়াৰ লগতে প্ৰতিখন জিলাৰ পৰা এই ৰোগত শিশু আক্ৰান্ত সম্পৰ্কত তথ্য বিচাৰিছে৷ লক্ষণীয় যে অসমত হেণ্ড-ফুট-মাউথ নামৰ এবিধ নতুন ৰোগত শিশুসকল উদ্বেগজনকভাৱে আক্ৰান্ত হৈছে৷ গুৱাহাটীকে ধৰি কেইবাখনো জিলাত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ইতিমধ্যে ধৰা পৰিছে৷ কক্সাকী নামৰ এবিধ ভাইৰাছে এই ৰোগৰ সৃষ্টি কৰে৷ 
লক্ষণীয় যে এই ৰোগত আক্ৰান্ত শিশুৰ মুখ, হাত আৰু ভৰিত কেতবোৰ ঘাৰ সৃষ্টি হয়৷ আক্ৰান্ত শিশুসকলৰ জ্বৰ হয় আৰু এই জ্বৰ ১০২-১০৩ ডিগ্ৰীপৰ্যন্ত বৃদ্ধি পায়৷ আক্ৰান্ত শিশুসকলে এই ৰোগৰ পৰা উপশম পাবলৈ কমেও এসপ্তাহ সময়ৰ প্ৰয়োজন হয়৷ গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত শেহতীয়াকৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে৷ ৰোগবিধ অতি সহজে সংক্ৰমণ হোৱা কাৰ্যই স্বাস্থ্য বিভাগক অধিক উদ্বিগ্ন কৰিছে৷ এই ৰোগৰ কথা ধৰা পৰাৰ পাছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰতিখন জিলাৰ পৰা এই ৰোগৰ বিষয়ত প্ৰতিবেদন বিচাৰিছে৷ এই ৰোগ চলি থকা ৰোগৰ মাজৰে এটা নে নতুন ৰোগ সেয়াও পৰীক্ষা কৰিবলৈ দিছে বুলি স্বাস্থ্য মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here