শৌচ খোলোচা নহ’লে ঘৰুৱাভাৱে কি কৰিব ?

0
637

স্বাস্থ্যই পৰম ধন৷ গতিকে সুস্বাস্থ্যৰ গৰাকী হ’বলৈ আমি সুষম আহাৰ গ্ৰহণ কৰাটো আৱশ্যক৷ ইয়াৰ লগতে আমি খাদ্য গ্ৰহণ কৰাৰ পাছত আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ শৌচ-প্ৰস্ৰাৱৰ মাধ্যমেৰে নিষ্কাশন হয়৷ গতিকে নিয়মিতৰূপে শৌচ-প্ৰস্ৰাৱ হৈ থাকিলেহে আমাৰ শৰীৰটো ঠিকে থাকিব৷ কিন্তু কেতিয়াবা বিভিন্ন কাৰণত শৌচ খোলোচা নোহোৱা বা একেবাৰে বন্ধ হৈ যোৱা সমস্যাই আমাক বিপদত পেলায়৷ কিন্তু কিয়? কিয় দৈনিক খাদ্য গ্ৰহণ কৰাৰ পাছতো শৌচ নহয়, কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে? ইয়াৰ মুখ্য কাৰণ হৈছে আপোনাৰ লাইফষ্টাইল৷ আজিকালি ফ্লেকচিবল লাইফষ্টাইলৰ নামত মানুহে নিজৰ শৰীৰৰ কথা চিন্তা নকৰা হৈছে৷ যদি আপুনিও নিজৰ খোৱা-বোৱাৰ ধৰণ ঠিকমতে নকৰে বা যিকোনো নাখাবলগীয়া খাদ্য গ্ৰহণ কৰে, তেন্তে আপোনাৰো আজি নহ’লে কালি শৌচ বন্ধ হোৱা বা কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে৷ যদিও কোষ্ঠকাঠিন্যৰ সমস্যা পেটৰ লগত জড়িত, তথাপি ই আপোনাৰ ছাল, চুলি আনকি টোপনিৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ গতিকে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব জানো আহক৷
কোষ্ঠকাঠিন্যৰ সমস্যা হোৱা লোকসকলে লঘু আহাৰ গ্ৰহণ কৰিব লাগে৷ যেনে– খিচিৰি, চুপ ইত্যাদি৷
এনে সমস্যাত খোৱাসকলে ভেণ্ডি খোৱা উচিত৷ ই কলনক সহজে চাফা কৰাত সহায় কৰে৷
ৰাতি খিচমিচ, ফিগ, শুকান প্লাম তিয়াই থৈ ৰাতি খাব লাগে৷
গৰম গাখীৰত কেশৰ, হালধি আৰু ঘিউ মিশ্ৰণ কৰিও খাব পাৰে৷
গৰম পানীৰ সেৱনৰ দ্বাৰা কোষ্ঠকাঠিন্য ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here