সাৱধান হওক : অসমত এজন H3N2 সংক্ৰমিত ৰোগী চিনাক্ত

0
817


সমগ্ৰ দেশজুৰি আতংকৰ সৃষ্টি কৰা H3N2 ভাইৰাছৰ সংক্ৰমণ অৱশেষত অসমলৈও বিয়পিল৷ অসমত এই ভাইৰাছত সংক্ৰমিত ব্যক্তি এজনক চিনাক্ত কৰা হয়৷ এই কথা প্ৰকাশ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হস্পিটেল কৰ্তৃপক্ষই কয় যে দীৰ্ঘদিন জ্বৰ, কাহত আক্ৰান্ত এই ৰোগীজনে ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত লেবৰেটৰিত পৰীক্ষা কৰোৱাইছিল আৰু এই পৰীক্ষাত তেওঁৰ দেহত H3N2 ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ বৰ্তমান আক্ৰান্ত ব্যক্তিজন চিকিৎসাধীন অৱস্থাত আছে৷ জি এম চি এইচ কৰ্তৃপক্ষই এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ আতংকিত নহ’বলৈ আহবান জনাই কয় যে তিনি দিন পৰ্যন্ত কাহ, চৰ্দি থাকিলে বিশেষ চিন্তা কৰিবলগীয়া একো নাই৷ কিন্তু যদিহে এই চৰ্দি, কাহ পাঁচদিন পৰ্যন্ত থাকে, তেনে ক্ষেত্ৰত ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ উল্লেখ্য যে বিগত কেইবাদিনো ধৰি সমগ্ৰ দেশতে ইনফ্লুৱেঞ্জাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ আন এক বাতৰি মতে দেশৰ ৰাজধানী দিল্লীত H3N2 ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে৷ আনহাতে মুম্বাইত এক ভাইৰাছৰ সংক্ৰমণৰ ফলত এজন লোকৰ মৃত্যু হৈছে৷ ইফালে তামিলনাডু, গুজৰাট, কৰ্ণাটক, হাৰিয়ানা, পুডুচেৰী আদি ৰাজ্যত এই ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়, ৰাজ্যৰ স্বাস্থ্য বিভাগসমূহক এই ক্ষেত্ৰত তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনসাধাৰণে আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here