স্মৃতিশক্তি প্ৰখৰ কৰিবলৈএইবোৰ Dry Fruits খাওক

0
213


শুকান ফলত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ফ্ৰী ৰেডিকেল তথা এণ্টিঅক্সিডেণ্টৰ ভাৰসাম্যতাহীনতাৰ কাৰণে এই যৌগবোৰে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ যেতিয়া শৰীৰটো বেছি ফ্ৰী ৰেডিকেলৰ সংস্পৰ্শলৈ আহে, তেতিয়া এই কোষ তথা প্ৰদাহৰ সৈতে মস্তিষ্কৰ ক্ষতি কৰিব পাৰে৷ সেয়ে এণ্টিঅক্সিডেণ্টযুক্ত শুকান ফলে ডায়েটৰ মাধ্যমেৰে মস্তিষ্কৰ স্বাস্থ্যৰক্ষাত সহায় কৰে৷
আখৰোট হ’ল এনে এবিধ ফল, যিয়ে মস্তিষ্কৰ কাৰ্যকাৰিতাৰ বাবে উপকাৰী৷ ওমেগা৩ ফেটী এচিড, ভিটামিন-ই, জিংক আদি পুষ্টিগুণেৰে সমৃদ্ধ আখৰোটে মস্তিষ্কৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ৷ ইয়াত পোৱা এণ্টিঅক্সিডেণ্টে অক্সিডেটিভ ষ্ট্ৰেচ তথা প্ৰদাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ মস্তিষ্কৰ ৰক্ত প্ৰবাহ উন্নত কৰাত আখৰোটে সহায় কৰে৷ যিয়ে মস্তিষ্কৰ সঠিক কাৰ্যকাৰিতাৰ বাবে অপৰিহাৰ্য৷
বাদাম হ’ল ভিটামিন-ই সমৃদ্ধ এবিধ দুৰ্দান্ত উৎস৷ আনহাতে এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বাদামে মস্তিষ্কক অক্সিডেটিভ ষ্ট্ৰেচ তথা ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ উচ্ছ মেগনেচিয়ামৰ মাত্ৰা বাদামত থকা হেতু মগজুৰ সমস্ত কাম-কাজ সঠিকভাৱে নিয়ন্ত্ৰণত কৰাত সহায় কৰে৷ কিয়নো স্নায়ু, ফেশী তথা শক্তি উৎপাদনত মেগনেচিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
পেষ্টা হ’ল একধৰণৰ বাদামজাতীয় খাদ্য, যিয়ে মস্তিষ্কৰ স্বাস্থ্যৰ বিভিন্ন প্ৰকাৰে উপকাৰ সাধন কৰে৷ পেষ্টা ভিটামিন-ডিৰ ভাল উৎস, যিয়ে নিউৰ’ট্ৰান্সমিটাৰ উৎপাদনত বাবে গুৰুত্বপূৰ্ণ৷ ইয়াৰ উপৰি পেষ্টাত ওমেগা৩ ফেটী এচিড, জিংক আদি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে মগজুৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ তথা বৃদ্ধিত যথেষ্ট অৱদান আগবঢ়ায়৷
খেজুৰ হ’ল ভিটামিন-ও আৰু মিনাৰেলৰ ভাল উৎস৷ খেজুৰত পটাচিয়াম পোৱা যায়, যি মস্তিষ্কৰ সমস্ত কাৰ্যকাৰিতাৰ বাবে অপৰিহাৰ্য৷ পটাচিয়ামে মস্তিষ্কৰ নিফৰনৰ কাৰ্যকলাপ নিয়ন্ত্ৰণক সহায় কৰে৷ ইয়াৰ উপৰি খেজুৰত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ক্ষতিকাৰক অণুৰ কাৰণে মস্তিষ্কক ক্ষতিৰ পৰা ৰক্ষা কৰে৷
কাজু বাদাম হ’ল জিংক সমৃদ্ধ এবিধ ফল৷ মগজুৰ বিকাশ আৰু ইয়াৰ কাৰ্য সম্পাদনৰ বাবে কাজু বাদামত প্ৰয়োজনীয় উপাদান থাকে৷ ইয়াত থকা জিংকে এনজাইমৰ সঠিক কাৰ্যকাৰিতা বাবে অপৰিহাৰ্য৷ আনহাতে ইনিউনিটি ছিষ্টেমক উন্নত কৰাত সহায় কৰে৷ কাজু বাদামে স্মৃতিশক্তি উন্নত কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here