বিজ্ঞানীৰ দাবী : পৃথিৱীৰ বিনাশ মাতিব উঁয়ে !

0
177

অতি ক্ষুদ্ৰ পোক উঁয়ে পৃথিৱীৰ বিনাশ মাতি আনিব বুলি কওঁতে আপুনি হয়তো আচৰিতেই হৈছে৷ কিন্তু কথাটো আচৰিত যেন লাগিলেও বিজ্ঞানীসকলে দাবী কৰিছে যে ভৱিষ্যতে উঁয়ে পৃথিৱীৰ বিনাশৰ কাৰণ হ’ব পাৰে৷ বিজ্ঞানীসকলে দাবী কৰা মতে বিশ্বৰ উষ্ণতা বৃদ্ধিত উঁয়ে অৰিহণা যোগাব পাৰে৷ মানুহৰ ঘৰৰ আচবাব পত্ৰ, কিতাপ, বহী, কাপোৰ, কানি আদি খাই শেষ কৰা উঁই পোক দেখাত সৰু পোক হ’লেও গৱেষকসকলে ইয়াক লৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে৷ গৱেষকসকলে প্ৰকাশ কৰা মতে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত এই পোকবিধে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সাধাৰণতে উঁই পোকে গছৰ দুৰ্বল বা পচিবলৈ ধৰা অংশহে খায়৷ এই প্ৰক্ৰিয়াটোত ই বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে গেছৰ সৃষ্টি কৰে৷ আনহাতে বায়ুমণ্ডলত এইধৰণৰ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত বিশ্বৰ উষ্ণতা বৃদ্ধিতো অৰিহণা যোগায়৷ আনহাতে প্ৰতিবছৰে বিশ্বত এই পোকৰ বৃদ্ধিৰ হাৰ বাঢ়িবলৈ লৈছে৷ ই অধিক হাৰত পচা কাঠ বা গছৰ দুৰ্বল অংশ খোৱাৰ লগত বায়ুমণ্ডল উষ্ণতা বৃদ্ধি এটা প্ৰত্যক্ষ সম্পৰ্ক আছে৷ শেহতীয়াভাৱে এক গৱেষণাত পোৱা মতে বতৰ যিমানে উষ্ণ হয়, উঁই পোকে কাঠ খোৱাটোও সিমানে বৃদ্ধি পায়৷ ইয়াৰ লগতে এই পোকবিধৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে৷ অৱশ্যে ঠাণ্ডা পৰিৱেশত ইয়াৰ কাঠ খোৱাৰ প্ৰৱণতা কমে৷ যদিহে উঁই পোকৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে বাঢ়িয়েই থাকে, তেন্তে পৃথিৱীৰ বিনাশ হোৱাৰ আশংকাও বৃদ্ধি পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here