আৰ্ছেনিকযুক্ত পানীৰে শ শ পৰিয়ালৰ তৃষ্ণা নিবাৰণ

0
264

কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন আঁচনিৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশতে ঘৰে ঘৰে পানী যোগান ধৰা হ’ব বুলি ঘোষণা কৰাৰ সময়তে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগানৰ নামত হোৱা ব্যাপক অনিয়মৰ কথা পোহৰলৈ আহিছে৷ নলবাৰী জিলাৰ নলবাৰী সংমণ্ডলৰ অধীনত বহু লাখটকীয়া বানেকুছি-বৰনগৰ পানী যোগান আঁচনিখন ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ যাৰ ফলত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি জলজীৱন মিছন আঁচনিৰ অধীনত মেচিন গৃহ, পানী উত্তোলন কক্ষ আদি নিৰ্মাণ কৰিছে যদিও আজিলৈকে কিন্তু আঁচনিখনৰ অধীনৰ অঞ্চলসমূহলৈ পানীৰ পাইপ সংযোগ হোৱা নাই৷  উল্লেখ্য যে জলজীৱন মিছন আঁচনিৰ অধীনত সকলো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰি অহাৰ পাছতো উক্ত অঞ্চলত আঁচনিখনে এনে  অৱস্থাই ৰাইজক দুৰ্ভোগ ভগাই আহিছে৷ উক্ত আঁচনিখন আজিলৈকে কাৰ্যক্ষম হৈ নুঠাত ৪০নং দক্ষিণ নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বানেকুছি, বৰনগৰ, শিলাকুটি, ভতপাৰা, আমতল আদি অঞ্চলসমূহৰ শ শ পৰিয়ালে এটুপি বিশুদ্ধ খোৱাপানীৰ নামত হাহাকাৰ কৰিবলগীয়া হৈছে৷ উপৰিউক্ত অঞ্চলসমূহৰ ৰাইজে দমকলৰ অত্যধিক আইৰনযুক্ত আৰ্ছেনিক মিহলি পানী বা পুখুৰী-খালৰ দূষিত পানীকে সেৱন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱে দেখা দিয়াও পৰিলক্ষিত হৈছে৷ সেয়েহে ৰাইজে অতি সোনকালে জলজীৱন মিছন আঁচনিৰ জৰিয়তে বিশুদ্ধ পানী যোগান ধৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here