সাৱধান : মদ্যপান কৰি গাড়ী নচলাব পৰিবহণ বিভাগৰ ব্যাপক অভিযান

0
138

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা লোকনিৰ্মাণ পথ বিভাগৰ অধীক্ষক অভিযন্তা হেমন্ত দেউৰী ভৰালী, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ সচিব মানালি জৈন, ৰাষ্ট্ৰীয় ঘাইপথ কতৃৰ্পক্ষৰ বিষয়া কল্যাণ দত্ত, কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া [প্ৰৱৰ্তক শাখা] হিমাংশু কুমাৰ দাস, স্বাস্থ্য বিভাগৰ বিষয়া জ্ঞানদা প্ৰসাদ শৰ্মা, যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ সভাখনত অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰাই বক্তব্য আগবঢ়াই মহানগৰীৰ বিভিন্ন স্থানৰ ‘ন’ পাৰ্কিং’ স্থানসমূহ সকলোৰে দৃষ্টিগোচৰ আৰু মনত থকাকৈ স্পষ্ট কৰি দিয়াৰ লগতে ই-ৰিক্সাৰ চালকৰ লগতে যাত্ৰীসকলেও যাতে ই-ৰিক্সাৰ বাবে নিৰ্ধাৰিত স্থানতহে যাতায়াত কৰে, সেই বিষয়ত পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ বেলতলা বজাৰৰ মাজত নিজৰ যান-বাহন ৰখাই থৈ বজাৰ কৰি পথটোত ভীষণ যান-জঁটৰ সৃষ্টি কৰা বিষয়টোৰ সমাধানৰ বিষয়টোতো তেওঁ গুৰুত্ব দিবলৈ জিলা পৰিবহণ বিষয়াক আহ্বান জনায়৷
জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভৰালীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ লগতে সোণাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত থকা ডিভাইডাৰটো উঠাই দি সেই ঠাইত দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়৷ সভাত উপস্থিত থাকি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মহানগৰীৰ বিভিন্ন স্থানত ইতিমধ্যে গ্ৰহণ কৰা পথ সুৰক্ষা সজাগতাৰ দিশসমূহৰ কথা উল্লেখ কৰি আগন্তুক ৩১ ডিচেম্বৰৰ উৎসৱৰ আনন্দৰ নামত কোনোৱে যাতে মদ্যপান কৰি যান-বাহন চলাই পথ-দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনকো বিপদত পেলাব নোৱাৰে, তাৰ বাবে এতিয়াৰ পৰাই মহানগৰীত ৰাতি অভিযানত নামিব বুলি কয়৷ মহানগৰীৰ যিকোনো ঠাইত পথৰ ওপৰত অকৰ্তৃত্বশীলভাৱে থকা মাছৰ বজাৰ, বিভিন্ন বজাৰ, অকৰ্তৃত্বশীলভাৱে চলা পানীৰ গাড়ী, ই-ৰিক্সা, ৰেপিড’, অলা-উবেৰ আদি নিয়ন্ত্ৰণ কৰি অনাগত দিনত সকলো শ্ৰেণীৰ ৰাইজৰ সুৰক্ষিত যাতায়াতৰ বাবে পাৰ্যমানে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷ সভাখনত অংশগ্ৰহণ কৰা বিভাগসমূহৰ সংশ্লিষ্ট বিষয়াসকলে অনাগত দিনত সকলোৰে সহযোগত গুৱাহাটী মহানগৰীত সুৰক্ষিত যাতায়াতৰ বাবে ঐক্যবদ্ধ হৈ প্ৰচেষ্টা চলোৱাত গুৰুত্ব দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here