গুৰ বিশুদ্ধ নে ভেজাল কেনেকৈ চিনাক্ত কৰিব ?

0
209

গুৰ স্বাস্থ্য ৰক্ষাৰ বাবে অত্যন্ত উপকাৰী৷ কেলচিয়াম, পটাচিয়াম, ফচফৰাছ, আইৰন, জিংক, প্ৰ’টিন তথা ভিটামিন-বি আদি পুষ্টিকৰ উপাদান গুৰ পোৱা যায়৷ গুৰে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰে৷ সাধাৰণতে গুৰ চাহত দি খোৱা হয় যদিও বিভিন্ন খাদ্যদ্ৰব্যত গুৰ ব্যৱহাৰ কৰা হয়৷ শীতকালত গুৰেৰে বনোৱা চাহ খালে গা গৰম কৰি ৰাখে৷ আনহাতে শৰীৰৰ ওজন হ্ৰাসত গুৰে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ডায়েবেটিছ ৰোগীয়ে তেনিৰ পৰিৱৰ্তে গুৰ খালে উপকাৰ পাব পাৰে৷ সেয়েহে গুৰক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়৷ বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ গুৰ পোৱা যায়৷ গুৰৰ চাহিদা অনুপাতে গুৰৰ ভেজালকৰণ আৰম্ভ হৈছে৷ সেয়েহে গুৰ বিশুদ্ধতা কিদৰে জানিব অথবা ভেজাল গুৰ কেনেদৰে চিনাক্ত কৰিব, সেই বিষয়ে জানো আহক৷সাধাৰণতে গুৰৰ ৰঙৰ পৰা জানিব পাৰি, গুৰ ভেজাল নে বিশুদ্ধ৷ বজাৰত গাঢ় বাদামী ৰঙৰ গুৰহে ক্ৰয় কৰিব, কিয়নো বিশুদ্ধ গুৰৰ বৰণ সদায় গাঢ় বাদামী ৰঙৰ হয়৷ আনহাতে ভেজাল গুৰ হ’ল ইয়াৰ ৰং হালধীয়া অথবা ৰঙচুৱা বৰণৰ হয়৷ আজিকালি ফেক্টৰীবোৰত বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলাই গুৰৰ ৰং হালধীয়া বাদামী কৰা দেখা যায়৷ কিন্তু ইয়াৰ ৰং আচল গাঢ় বাদামী নহয়৷ সেয়েহে গুৰ ক্ৰয় কৰোঁতে গুৰৰ ৰঙৰ ওপৰত নজৰ দিব৷
গুৰৰ সোৱাদৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিশুদ্ধতা নিৰূপণ কৰিব পাৰি৷ গুৰৰ সোৱাদ যদি অলপ নিমখীয়া বা তিতা হয়, জানিব এই গুৰ কেতিয়াও বিশুদ্ধ নহয়৷ আচল গুৰৰ সোৱাদ সদায় মিঠা হয়৷ মিঠা সোৱাদ নহ’লে তেনে গুৰ ক্ৰয় নকৰিব৷
কিন্তু গুৰ ভেজাল কৰিবলৈ তাত চেনি মিশ্ৰণ কৰা হয়, যাতে আপোনাৰ গুৰ চিনা অসুবিধা হয়৷ গুৰৰ বিশুদ্ধতাৰ ওপৰত সন্দেহ হ’লে গুৰৰ টুকুৰা এটা পানীত ডুবাই দিয়ক৷ যদি গুৰটুকুৰা পানীত ওপঙি আছে, বুজিব সেই গুৰখিনি বিশুদ্ধ অৰ্থাৎ তাত ভেজাল কৰা নাই৷ আনহাতে গুৰৰ টুকুৰাটো যদি পানীত ডুব যায়, জানিব সেই গুৰখিনি ভেজালকৰণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here