সাৱধান ! ভাৰতত গ্ৰীষ্ম প্ৰৱাহে জীয়াই থাকিব পৰাৰ সীমা অতিক্ৰম কৰিব

0
160

যোৱা কেইটামান দশকত সমগ্ৰ ভাৰতত হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ বাবে দায়ী প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ৷ বিপজ্জনকভাৱে সঘনে বৃদ্ধি পাইছে আৰু দেশখন সোনকালে মানুহ জীয়াই থাকিব পৰাৰ সীমা অতিক্ৰম কৰা গ্ৰীষ্ম প্ৰৱাহৰ বিশ্বৰ অন্যতম প্ৰধান দেশ হ’ব পাৰে৷ এখন নতুন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ ‘ক্লাইমেট ইন্‌ভেষ্টমেণ্ট অপৰচুনিটিজ ইন ইণ্ডিয়াজ কুলিং ছেক্টৰ’ শীৰ্ষক বিশ্ব বেংকৰ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত সোনকালে হোৱা আৰু দীৰ্ঘদিন চলা বেছি উষ্ণতা অনুভৱ কৰা হৈছে৷ ২০২২ চনৰ এপ্ৰিলত দেশখনত আগতীয়া গ্ৰীষ্ম প্ৰৱাহ হৈছিল আৰু দেশখন স্থবিৰ হৈ পৰিছিল৷ ৰাজধানী নতুন দিল্লীত উষ্ণতা ৪৬ ডিগ্ৰী চেলছিয়াছ হৈছিল৷ মাৰ্চত উষ্ণতা অতিমাত্ৰা বৃদ্ধি পাইছিল আৰু এই পৰ্যন্ত আটাইতকৈ বেছি গৰমৰ মাহ আছিল৷ কেৰালা চৰকাৰৰ সহযোগত বিশ্ব বেংকে আয়োজন কৰা দুদিনীয়া ‘ইণ্ডিয়া ক্লাইমেট এণ্ড ডেভেলপমেণ্ট পাৰ্টনাৰ্ছেছ মীট’ত প্ৰতিবেদনখন মুকলি কৰা হ’ব৷ ভাৰতৰ গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিয়ে মানুহ জীয়াই থাকিব পৰাৰ সীমা অতিক্ৰম কৰিব বুলি ভৱিষ্যদ্বাণী কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে সমগ্ৰ দক্ষিণ এছিয়াত বৰ্ধিত উষ্ণতাৰ বিষয়ে বহু জলবায়ু বিজ্ঞানীয়ে দীৰ্ঘদিনৰ আগতে সকীয়াই দিছিল আৰু এতিয়া ভাৰতৰ শেহতীয়া গ্ৰীষ্ম প্ৰৱাহবোৰে সেইটো প্ৰমাণ কৰিছে৷ ২০২১ চনত জি ২০ ক্লাইমেট ৰিস্ক্‌ আটলাছেও সকীয়াই দিছিল যে যদি কাৰ্বনৰ নিৰ্গমণ বেছি হৈ থাকে তেন্তে ২০৩৬-৬৫ চনৰ ভিতৰত ভাৰতত গ্ৰীষ্ম প্ৰৱাহ কমেও ২৫ গুণ বেছি দীঘলীয়া হ’ব৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ শ্ৰমিক শক্তিৰ ৭৫ শতাংশ বা ৩৮ কোটি লোকে মুকলি আকাশৰ তলত কাম কৰে আৰু কেতিয়াবা প্ৰাণ নাশৰ আশংকা থকা উষ্ণতাতো কাম কৰে৷ ২০৩০  চনৰ ভিতৰত, উৎপাদকতা হ্ৰাসৰ সৈতে সম্পৰ্ক থকা কাৰণত বিশ্বত ৮ কোটি লোকে জীৱিকা হেৰুৱাব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here