সাৱধান : বিষাক্ত মাছেৰে ভৰিছে ৰাজ্যৰ বজাৰ

0
409

বজাৰত উপলব্ধ হোৱা চালানী মাছ খোৱাৰ পূৰ্বে  সাৱধান হওক৷ কাৰণ বিষাক্ত মাছে ভৰিছে এতিয়া ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰৰ বজাৰ৷ মহানগৰত এতিয়া  কাঠফুলাৰ দৰে গঢ়ি উঠিছে অনুজ্ঞা-পত্ৰবিহীন মাছৰ পাইকাৰী বজাৰ৷ অভিযোগ মতে, এই পাইকাৰী মাছৰ বজাৰৰ পৰাই অসাধু ব্যৱসায়ীসকলে মুকলিভাৱে বিক্ৰী কৰি আহিছে ৰাসায়নিক সাৰ মিহলোৱা মাছ৷ বিশেষকৈ শাক-পাচলিত বিষাক্ত দ্ৰব্য মিহলাই আকাৰ আৰু ওজন বৃদ্ধি কৰাৰ লগতে নিশাটোৰ ভিতৰতে পকোৱা ঘটনাৰ লেখীয়াকৈ মাছৰ আকাৰ বা ওজন বৃদ্ধিৰ বাবেও এচাম অসাধু ব্যৱাসায়ীয়ে বিষাক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ একাংশ মৎস্য পালক তথা ব্যৱসায়ীয়ে মাছৰ খাদ্যৰূপে ব্যৱহাৰ কৰিছে ৰাসায়নিক সাৰ৷ জনস্বাস্থ্যৰ প্ৰতি অতি ক্ষতিকাৰক  ইউৰিয়া, ডি এ পি, ছুপাৰ ফছফেট আদি ৰাসায়নিক সাৰ বস্তাই বস্তাই পুখুৰীত ছটিয়াই খাদ্য হিচাপে মাছক খুৱাইছে৷ এনেধৰণৰ ৰাসায়নিক সাৰ পুখুৰীত দিয়াৰ পাছতে অতি কম দিনৰ ভিতৰতে মাছ ডাঙৰ হোৱাৰ লগতে ওজনো বৃদ্ধি হয়৷ পাছত সেই মাছেই সৰ্বসাধাৰণ ৰাইজক বিক্ৰী কৰি অসাধু ব্যৱসায়ীসকলে অধিক মুনাফা লুটি আহিছে৷
কিন্তু বিষাক্ত ৰাসায়নিক সাৰ মিহলোৱা এইবোৰ মাছ স্বাস্থ্যৰ বাবে বহু ক্ষতিকাৰক বুলি চিকিৎসকে মন্তব্য কৰি আহিছে৷ উল্লেখ্য যে বতৰ্মান সময়ত মাছৰ চাহিদা যথেষ্ট বেছি৷ অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত মাছ ব্যাৱসায়িক ভিত্তিত উৎপাদন কৰি অসমলৈ পঠিয়াই দিয়ে৷ চালানী মাছবোৰ অসমলৈ পঠোৱাৰ আগতে ফৰ্মেলডিহাইড মাছৰ দেহত ভালদৰে সানি দিয়া হয়৷ ফৰ্মেলডিহাইড সানিলে মাছ নপচে আৰু নেগেলে৷ তদুপৰি গ্ৰাহকক যাতে চালানী মাছ লোকেল মাছ বুলি বিক্ৰী কৰিব পাৰি, তাৰ বাবে মাছৰ পেটৰ ভিতৰত তেজৰ দৰে ৰঙা ৰাসায়নিক জুলীয়া পদাৰ্থ ভৰাই দিয়া হয়৷ এনেধৰণৰ চালানী মাছ খালে নানান ধৰণৰ ৰোগ হয়৷ চালানী মাছৰ বিষাক্ত পদাৰ্থ তেজত মিহলি হোৱাৰ পাছত তাৎক্ষণিকভাৱে এলাৰ্জী আৰু  ছালৰ ৰোগৰ লগতে পেটৰ ৰোগ যেনে–  পেট ফুলে, বুকু জ্বলা-পোৰা, টেঙাপানী, বদহজম, পাতল শৌচ হয়৷ একেৰাহে কিছুদিন খালে ক্ৰনিক ডিছেণ্ট্ৰিৰ দৰে লক্ষণ দেখা যায় আৰু চিকিৎসা কৰিলেও সহজে আৰোগ্য নহয়৷ আনহাতে একেৰাহে এই বিষাক্ত মাছ খালে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰো  সম্ভাৱনা থাকে৷ চৰকাৰ তথা দায়িত্বশীল বিভাগৰ এনে ৰহস্যজনক ভূমিকা আৰু এক বিশেষ চক্ৰৰ সু¸বিধা তথা মুনাফা অৰ্জনৰ বাবেই এতিয়া বজাৰত বিক্ৰী হোৱা বিষাক্ত মাছে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here