সাৱধান : গাখীৰৰ পৰা প্ৰস্তুত কৰা মিঠাইত অত্যধিক পৰিমাণৰ ষ্টাৰ্ছ

0
408

ভেজাল গাখীৰ আৰু দুগ্ধজাত খাদ্য সামগ্ৰীবোৰ অধিক মূল্য ভৰি কিনি আনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখতো পৰে৷ এনে গাখীৰ আৰু মিঠাই খোৱাৰ ফলত মানৱ শৰীৰত প্ৰৱেশ কৰা অৱশিষ্টভাৱে ৰৈ যোৱা এণ্টিবায়’টিকবোৰে পিছলৈ মানৱ শৰীৰত এণ্টিবায়’টিক ৰেজিষ্টেণ্ট কৰাৰ উপৰি গ্ৰোথ প্ৰোমোটাৰবোৰে কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে৷ কিন্তু তাৰ পাছতো কেৱল গাখীৰেই নহয় বিভিন্ন দোকানত বিক্ৰী হৈ আছে অতি নিম্নমানৰ মিঠাই৷ এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰত পৰীক্ষা কৰা কেইবাবিধো মিঠাই অতিকৈ নিম্নমানৰ বুলি পোহৰলৈ আহিছে৷ কালাকান্দ, কাজু বৰ্ফি, পেৰা, মেৱা বৰ্ফিৰ দৰে গাখীৰৰ পৰা প্ৰস্তুত কৰা একাংশ মিঠাইত পোৱা গৈছে অত্যধিক পৰিমাণৰ ষ্টাৰ্ছ৷ এই মিঠাইবোৰৰ মান অতিকৈ নিম্ন বুলি পৰীক্ষাগাৰত পোহৰলৈ আহিছে৷ আনহাতে কিছুমান মিঠাইত চেনিৰ সলনি চেকাৰিন ব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷
আনহাতে মুকলিকৈ বিক্ৰী হোৱা এনে ৰং-বিৰঙৰ জেলেপি, নিমকি, খুৰমা, ভুজিয়াৰ লগতে নানা ধৰণৰ মিঠায়ে বহু লোকক অসুস্থ কৰি তুলিছে৷ এনে মিঠাই খোৱাৰ ফলত বহুতৰে শৌচ, বমি, পেটৰ অসুখ হোৱা বুলি বহুতে অভিযোগ কৰিছে৷ ভেজাল গাখীৰৰ পৰা ভেজাল পনীৰ, মিঠাই, বাটাৰ আদি তৈয়াৰ হৈছে৷ তদুপৰি দুগ্ধজাত সামগ্ৰী বাটাৰত ষ্টাৰ্চ, বনস্পতি, মাৰ্গেৰিন, আলু পিটিকা, অলিওমৰ্গেৰিনৰ দৰে জন্তুৰ চৰ্বি [অলিঅ’মৰ্গেৰিন এবিধ গৰুৰ পৰা তৈয়াৰ কৰা চৰ্বি] মিহলোৱা হয়৷ মিঠা দৈত বনস্পতি মিহলোৱা হয়৷ মিঠাইত ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰং মিহলোৱা হয়৷ এই ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰংবোৰে কৰ্কট ৰোগ কৰিব পাৰে৷ খৈৱা, পনীৰ আদিত মিহলোৱা ষ্টাৰ্চে খাদ্যবিধৰ খাদ্যমূল্য কমোৱাৰ উপৰি পেটৰ ৰোগ কৰে৷ ঘিউত বনস্পতি, অলিঅ’মৰ্গেৰিন, আলু পিটিকা আদি মিহলাই ভেজাল কৰা দেখা যায়৷ ক্ৰীমত জিলেটিন, ফ’ৰমেল ডিহাইড আদি মিহলোৱা হয়৷ জনসচেতনতাৰ অভাৱত আমি এনেদৰে ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিব লগা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here