আশ্চৰ্য ! বৰণ সলোৱা পহু কাজিৰঙাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু

0
298

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য প্ৰাণীৰ জন্মগত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনত বৰণ সলাই এটাৰ পৰা ৪টা লৈ বৃদ্ধি পাইছে খটীয়া পহু বা ছাগলী পহুৰ সংখ্যা৷ শেহতীয়া গণনা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান প্ৰায় ৪২ হাজাৰতকৈও অধিক সংখ্যক এই প্ৰজাতিৰ পহু আছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ মতে, পৰ্যটকক আকৰ্ষিত কৰিছে বৰণ সলোৱা পহুৰ সংখ্যাই৷ ২০১৭ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত প্ৰথমটো বৰণ সলোৱা পশু দেখা পোৱা গৈছিল যদিও বৰ্তমান কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ  কাৰাচিং আৰু মিহিমুখ এলেকাত ২টা, বাগৰি বনাঞ্চলত ৰটা আৰু বুঢ়াপাহাৰ বনাঞ্চলত ৰটা বৰণ সলোৱা পহু দেখিবলৈ পোৱা গৈছে৷ এটা এটাকৈ বৃদ্ধি পোৱা বৰণ সলোৱা পহুক লৈ এতিয়া গৱেষণাৰ স্থল হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ গৱেষণা বিষয়াই জানিবলৈ দিয়া মতে, এই পহুটো আন বন্য প্ৰাণীৰ সংস্পৰ্শলৈ আহিলে বিয়পি যোৱাৰ কোনো প্ৰমাণ পোৱা নাই ৷ 
কাৰণ এইটো কোনো ৰোগ নহয়৷ জন্মগত ব্যাধি৷ উল্লেখ্য যে বৰণ সলোৱা বগা ৰঙৰ পহুবিধ প্ৰথমে দক্ষিণ এছিয়াৰ দেশসমূহত পোৱা গৈছিল৷ দক্ষিণ এছিয়াৰ দেশসমূহত এইবিধ দুৰ্লভ প্ৰজাতিৰ পহুক গ্ৰীবা প্ৰচেনাচ নামেৰে জনা যায়৷ বৰ্তমান কাজিৰঙাত এলবিন’ হগ ডিয়েৰ প্ৰজাতিৰ চ্ছ্ৰটাকৈ পহুক দেখিবলৈ পোৱা গৈছে যদিও গৱেষণা বিষয়াৰ মতে, এয়া জেনেটিক অৰ্থাৎ জন্মগত কাৰণ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰ এটাকৈ বৃদ্ধি পাবলৈ ধৰিছে সম্পূৰ্ণ বগা বৰণৰ পহু৷ বিগত চাৰিটা বছৰত এইধৰণৰ পহুৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই গৱেষণাৰ প্ৰয়োজন আছে বুলিও প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ দুষ্প্ৰাপ্য দল হৰিণাৰ গৱেষণা হৈছে যদিও আন প্ৰজাতিৰ পহুৰ আছুতীয়াকৈ বিজ্ঞানসন্মত গৱেষণা, পৰ্যবেক্ষণ, সংৰক্ষণ হোৱা নাই৷ বৰ্তমান বন্য প্ৰাণীৰ জেনেটিক অৰ্থাৎ জন্মগত পৰিৱৰ্তন হোৱালৈ চাই এই ক্ষেত্ৰত উদ্যান কতৃৰ্পক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষভাৱে পহুৰ বিষয়ত গৱেষণা কৰাটো অতি প্ৰয়োজন আছে বুলিও প্ৰাণীবিদে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here