সাৱধান! ডেল্টা ভেৰিয়েণ্টৰ বলি ৰাজ্যৰ শিশু আৰু কিশোৰ

0
966
বিশ্ব স্বাস্থ্য সংস্থাই কভিডৰ তৃতীয়টো ঢৌত মুখ্যতঃ শিশু আৰু কিশোৰসকল আক্ৰান্ত হ’ব বুলি বিশ্বজুৰি সকীয়নি প্ৰদান কৰিছে৷ তাৰ মাজতে কভিডৰ দ্বিতীয়টো ঢৌতে অসমত শিশু আৰু কিশোৰসকল উদ্বেগজনকভাৱে আক্ৰান্ত হৈছে৷ জানিব পৰা মতে, ডেল্টা ভেৰিয়েণ্টৰ আক্ৰমণৰ বলি হৈছে অসমৰ শিশু আৰু কিশোৰসকল৷ উল্লেখ্য যে অসমত প্ৰথম আৰু দ্বিতীয় ঢৌত এইপৰ্যন্ত  প্ৰায় ২৮ হাজাৰ শিশু আৰু কিশোৰ কভিডত আক্ৰান্ত হোৱাৰ কথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে৷ তেওঁ কয় যে প্ৰথমটো ঢৌত অসমত মুঠ আক্ৰান্তৰ প্ৰায় ৮ শতাংশ আৰু দ্বিতীয় ঢৌত প্ৰায় ১২ শতাংশ শিশু আৰু কিশোৰ আক্ৰান্ত হৈছে৷ স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অসমত কভিডত আক্ৰান্ত শিশু আৰু কিশোৰসকলৰ অধিকাংশই ১০-১৮ বছৰ বয়সৰ৷ খুব কমসংখ্যকহে ৫-১০ বছৰৰ শিশু আছে৷  আনহাতে দ্বিতীয়টো ঢৌত, অৰ্থাৎ ডেল্টা ভেৰিয়েণ্টে ৰাজ্যৰ মুখ্যতঃ ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, নগাঁও আৰু শোণিতপুৰ জিলাত সৰ্বাধিক শিশুক আক্ৰান্ত কৰিছে৷ প্ৰাপ্ত তথ্য মতে, মাত্ৰ যোৱা এটা পষেকতে ৰাজ্যত ৫ শতাধিক শিশু আৰু কিশোৰ অসমত কভিডত আক্ৰান্ত হৈছে৷ ইয়াৰে ডিব্ৰুগড় জিলাত সৰ্বাধিক ৩ শতাধিক শিশু আৰু কিশোৰ কভিডত আক্ৰান্ত হৈছে৷  ইফালে জি এম চি এইচতো কভিডৰ দ্বিতীয়টো ঢৌত ১৩৫টি শিশু আক্ৰান্ত হোৱাৰ কথা চিকিৎসালয় কতৃৰ্পক্ষই সদৰী কৰিছে৷ ইয়াৰে ৯টি শিশু আৰু কিশোৰ মৃত্যুমুখত পৰে৷ উদ্বেগৰ কথা যে এইপৰ্যন্ত শিশু আৰু কিশোৰসকলৰ বাবে ভেক্‌চিন উদ্ভাৱনেই হোৱা নাই৷ সেয়ে তৃতীয়টো ঢৌত শিশু আৰু কিশোৰসকল সৰ্বাধিক আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে৷ আনহাতে অসমৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত পেডিয়াট্ৰিক আই চি ইউ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷  ৰাজ্যৰ প্ৰতিখন জিলা চিকিৎসালয়তো পেডিয়াট্ৰিক আই চি ইউ নিৰ্মাণ কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্মাণ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে৷ লক্ষণীয় যে এ এম চি এইচত পৃথকে ২০খন বিছনাযুক্ত আৰু জি এম চি এইচত ৩০খন বিছনাযুক্ত পেডিয়াট্ৰিক আই চি ইউ নিৰ্মাণৰ কাম চলি থকা বুলি জানিব পৰা গৈছে৷ অনাগত দিনত ৰাজ্যৰ স্বাস্থ্য বিভাগে কভিড আক্ৰান্ত শিশুৰ ক্ষেত্ৰত কিদৰে মোকাবিলা কৰে, সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here