এশখন চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত ২৩সংখ্যক স্থানত দিল্লীৰ এইম্‌ছ

0
1131
বিশ্বৰ ১০০খন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ তালিকাত দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS-এ ২৩ সংখ্যক স্থান লাভ কৰিছে৷ এই তালিকাত ভাৰতৰ ছটা প্ৰতিষ্ঠানে স্থান লাভ কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল দিল্লীস্থিত এইম্‌ছে Oxford University Medical School আৰু University College Londonক পাছ পেলোৱাটো৷ Oxford University Medical Schoolতকৈ AIIMS- ০.৩৬ স্ক’ৰ বেছিকৈ লাভ কৰিছে৷ Oxford University Medical School-এ তালিকাত ২৪ সংখ্যক স্থান লাভ কৰে৷ এই তালিকাত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰতিষ্ঠান হিচাপে প্ৰথম স্থান দিয়া হৈছে আমেৰিকাৰ Johns Hopkins University School of Medicineক৷ এই তালিকাখন প্ৰকাশ কৰিছে আমেৰিকাৰ চিঅ’ৱৰ্ল্ডৰ্ বাৰ্তালোচনীয়ে৷ ইয়াত হাৰ্ভাৰ্ড মেডিকেল স্কুলক দ্বিতীয় স্থান দিয়া হৈছে৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অব্‌ মেডিচিনে তালিকাত তৃতীয় স্থান লাভ কৰে৷ তালিকাখনত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ গ্ৰছমেন স্কুল অব্‌ মেডিচিন আৰু ষ্টেনফ’ৰ্ড ইউনিভাৰ্ছিটি স্কুল অব্‌ মেডিচিনে৷ এই তালিকাত ভাৰতৰ মুঠ ছয়খন প্ৰতিষ্ঠানে স্থান লাভ কৰিছে৷ এইম্‌ছৰ উপৰি ভাৰতৰ আনকেইখন চিকিৎসা প্ৰতিষ্ঠান হ’ল ক্ৰমে পুনেৰ আৰ্মড ফ’ৰ্চ মেডিকেল কলেজ (৩৪ সংখ্যক স্থান), ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজ (৪৯ সংখ্যক স্থান), পুডুচেৰীৰ জে আই পি এম ই আৰ (৫৯ সংখ্যক), চেন্নাইৰ মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয় (৬৪ সংখ্যক) আৰু ইন্‌ষ্টিটিউট অব্‌ মেডিকেল ছায়েন্স বি এইচ ইউ (৭২ সংখ্যক)৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here