আপোনাৰ বয়সৰ চাপ পৰিছে নেকি? পটল খাওক

0
1116

গ্ৰীষ্মকালৰ তৰকাৰী হিচাপে পটলৰ অৱদান অনস্বীকাৰ্য৷ এইকেইদিনত ৰন্ধন প্ৰণালীত পটল এবিধ অত্যাৱশ্যকীয় পাচলি৷ সাধাৰণতে ভাজি বা চব্‌জি মিহলাই পটল খোৱা হয়৷ পটলৰ যথেষ্ট পুষ্টিগুণ আছে৷ ইয়াত প্ৰচুৰ পৰিমাণে শৰ্কৰা, ভিটামিন-A, ভিটামিন-C পোৱা যায়৷ ইয়াৰ উপৰি ইয়াত কম পৰিমাণে মেগনেচিয়াম, তাম, পটাচিয়াম, গন্ধক, আৰু ক্ল’ৰিন পোৱা যায়৷ আপুনি হয়তো জানি আচৰিত হ’ব যে পটলে হজম শক্তি বৃদ্ধিত সহায় কৰে৷ তদুপৰি হাৰ্টৰ শক্তি বৃদ্ধি, পিত্ত জ্বৰ, কৃমি নাশৰ লগতে শৰীৰ ঠাণ্ডা কৰি ৰখাত পটলে সহায় কৰে৷ জানো আহকচোন পটলৰ গুণাগুণৰ বিষয়ে–


[১] পটলত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে খাদ্য হজম হোৱাত সহায় কৰে৷ পটলে Gastrointestinal-ৰ সমস্যা সমাধান কৰাৰ লগতে লিভাৰৰ সৈতে সম্পৰ্কিত সকলো সমস্যা সমাধানত সহায় কৰে৷
[২] পটলৰ গুটিবোৰ খালে শৰীৰত কলেষ্টৰেল আৰু ব্লাড ছুগাৰৰ মাত্ৰা প্ৰাকৃতিকভাৱে কমোৱাত অৰিহণা যোগায়৷
[৩] পটলত থকা ভিটামিন-A আৰু ভিটামিন-চি, ভিটামিন-B1, ভিটামিন-B2 আৰু এণ্টিঅক্সিডেণ্ট ছালৰ বাবে অত্যন্ত উপকাৰী৷
[8] পটলে ফ্ৰী ৰেডিকেলৰ বিস্তাৰ ৰোধ কৰে লগতে বয়সৰ চাপ দূৰ কৰাত সহায় কৰে৷ গেছৰ সমস্যা থাকিলে পটলে নিৰ্মূল কৰে৷
[৫] পটলত কেলৰিৰ পৰিমাণ কম থাকে বাবে ওজন কমাবলৈ পটলৰ তৰকাৰী খাব লাগে৷ পটলে পেট ভৰাই ৰাখি ক্ষুধা নিবাৰণতো সহায় কৰে৷
[৬] এইবিধ গ্ৰীষ্মকালীন পাচলিক ঠাণ্ডা, জ্বৰ আৰু গলৰ বিষৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷
[৭]
পটলে তেজ পৰিশোধিত কৰাত সহায় কৰে৷ ইয়াৰ উপৰি ছালৰ যত্নৰ বাবেও এইবিধ পাচলি খাব লাগে৷
[৮] পটলে কোষ্ঠকাঠিন্য দূৰ কৰাত যথেষ্ট সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here