ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ অধীনত শিশু শ্ৰমিকৰ তদাৰকত বিশেষ গুৰুত্ব

0
241

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ সভাপতিত্বত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ অধীনস্থ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ পৰিচালনা সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত পৰিচালিত হৈ থকা ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ অধীনস্থ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ দায়িত্বত থকা বেচৰকাৰী সংস্থাসমূহৰ বিষয়ববীয়াসকলৰ পৰা কেন্দ্ৰসমূহৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত সভাত আলোচনা কৰা হয়৷ উদ্ধাৰকৃত শিশু শ্ৰমিকসকলে বৰ্তমান অধ্যয়নৰত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে সাপ্তাহিকভাৱে পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত সভাত গুৰুত্ব দিয়া হয়৷ 
শিশুসকলে কেনেধৰণে প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উপকৃত হৈছে সেই দিশটো চোৱা-চিতা কৰিবলৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বেচৰকাৰী সংস্থাসমূহৰ মুৰব্বী আৰু প্ৰকল্পটোৰ বিষয়ববীয়াসকলক দায়িত্ব অৰ্পণ কৰে৷ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক চলিত শিক্ষাবৰ্ষৰ শেষত বাৰ্ষিক মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে নতুন শিক্ষা বৰ্ষত আনুষ্ঠানিক বিদ্যালয়ত নামভৰ্তি কৰাৰ সন্দৰ্ভতো সভাত আলোচনা কৰা হয়৷ সহকাৰী আয়ুক্ত ৰিমঝিম কোঁৱৰ, জিলা শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱা, ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ প্ৰকল্প সঞ্চালক মৌচুমী মহন্তৰ লগতে শ্ৰম, শিক্ষা আদি বিভাগৰ বিষয়াসকল আৰু সংশ্লিষ্ট বেচৰকাৰী সংস্থাৰ মুৰব্বীসকল এই সভাত উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here