সাৱধান! খোঁচনাৰে কাণ খজুৱায় নেকি?

0
896
এনে বহু মানুহ আছে, যিয়ে বেছিভাগ সময় কাণ দুখনত যিয়ে পায়, তাকে সুমুৱাই কাণ খজুৱায়৷ কিছুমানৰ আকৌ কাণ খজুওৱাটো এটা অভ্যাসত পৰিণত হয়৷ কাণৰ ভিতৰত সুৰসুৰণি লাগিলে হাততে ঢুকি পোৱা খোঁচনা, কাঠী, পিন আদিৰে কাণ খজুৱালে আৰাম পোৱা যায়৷ কিন্তু এনেধৰণৰ খন্তেকীয়া আৰামৰ ফলত আপুনি বিপদ মাতিব পাৰে৷ কাঠী, জুইশলাৰ কাঠী, ছেফ্‌টিপিন আদিৰে কাণ খজুওৱাৰ ফলত আমাৰ কাণ দুখনৰ অপকাৰ হ’ব পাৰে বুলি হয়তো বহুতেই নাজানে৷ 
Ear Wax Myths And Facts – Dr Shreha Pathak ENT Specialist

সাধাৰণতে কাণ দুখনৰ ভিতৰভাগ অসংখ্য সৰু সৰু স্নায়ুৰে যুক্ত৷ ইয়াৰ ভিতৰভাগ পাকখোৱা ধৰণৰ৷ বাহিৰৰ ধূলি-মাকতি আদি কাণৰ সৰু ৰন্ধ্ৰৰে কাণৰ ভিতৰত সোমাই ময়লাৰ সৃষ্টি কৰে৷ কাণৰ ভিতৰভাগত ময়লা বেছি হ’লে বা কেতিয়াবা কাণৰ ক্ষুদ্ৰ স্নায়ুবোৰেও খজুৱতিৰ সৃষ্টি কৰে৷ তেতিয়া যিহকে পায়,তাৰ জৰিয়তে কাণৰ খজুৱতি নিৰাময় কৰা যায়৷

কিন্তু তেনে কৰা উচিত নহয়৷ সামান্য অসাৱধানতাৰ ফলত কটন বাড বা কাঠী কাণৰ বেছি ভিতৰত সুমুৱাই দিলে কাণৰ পৰ্দা ফাটি যাব পাৰে৷ তেনেহ’লে কাণৰ পৰা তেজ ওলাব পাৰে৷ পাছত কাণৰ ভিতৰত ঘা লাগিব পাৰে৷ আনকি কেতিয়াবা কাণৰ পৰ্দা ফাটি মানুহ কলাপৰ্যন্ত হোৱাৰো সম্ভাৱনা থাকে৷ সেয়েহে মনত ৰখা ভাল যে কেতিয়াও বজাৰত পোৱা কটন বাড, কাঠী, খোঁচনা আদিৰে কাণ নুখুজাব৷ কাণ অত্যধিক খজুৱালে আপুনি ই এন টি ডক্তৰৰ ওচৰলৈ গৈ কাণ দুখন চাফা কৰি আনক লগতে কি কাৰণত কাণৰ খজুৱতিৰ সৃষ্টি হৈছে জানিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here