উপবাসৰ তাৎপৰ্য আৰু উপকাৰিতা

0
1425
উপবাস যে অকল পূজা-পাতল বা ধৰ্মীয় অনুষ্ঠানসমূহৰ লগতে জড়িত তেনে নহয়৷ অন্যান্য দিনতো আপুনি এদিন উপবাসে থাকিলে ই আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত অৰিহণা যোগাব পাৰে৷ সদায় মাছ-মাংস খাই এদিনো যদি আপুনি উপবাসে থাকিব পাৰে, তেন্তে ই আপোনাৰ ডাইজেষ্টিভ ছিষ্টেমক উন্নত কৰাত সহায় কৰে৷

(১) আমি সদায় গোটেই দিনটো সোৱাদ অনুযায়ী যি ইচ্ছা তাকে খাওঁ৷ ফলত আমাৰ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷ আমি যদি সপ্তাহত এক বা দুই দিন উপবাসে থাকোঁ, তেন্তে ই আমাৰ দেহত উপস্থিত থকা চৰ্বিক শক্তিলৈ ৰূপান্তৰ কৰে৷ যিয়ে আমাৰ ওজন নিয়ন্ত্ৰণত যথেষ্ট অৰিহণা যোগায়৷


(২) উপবাসে থাকিলে আমাৰ তেজত Endorphinsৰ স্তৰ বৃদ্ধি পায়৷ ফলত মানসিকভাৱে সুস্থ আৰু শান্তি প্ৰদান কৰাত উপবাসে যথেষ্ট সহায় কৰে৷

How Intermittent Fasting is Good for Health | MedicTips

(৩) আপুনি যদি মাহত দুই বা তিনিদিন উপবাস ৰাখে, তেন্তে পেট আৰু লিভাৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷


(8) উপবাসে থকাৰ ফলত ৰক্তত থকা ক্ষতিকাৰক চৰ্বি বা মেদৰ মাত্ৰা কমি যায়৷ ফলত হৃদৰোগৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়৷ উচ্ছ ৰক্তচাপ, হাঁপানি, ডায়েবেটিছ ৰোগৰ বাবেও উপবাসে থকাটো লাভদায়ক৷


(৫) উপবাসে থকাৰ ফলত Stress হৰমন কমকৈ নিঃসৰণ হয়৷ ফলস্বৰূপে শৰীৰৰ বিপাক ক্ৰিয়া আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি আপোনাক সু-স্বাস্থ্যৰ গৰাকী হোৱাত যথেষ্ট অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here