শিশুৰ কৰ’না ভেক্‌চিনৰ দ্বিতীয় পালিৰ পৰীক্ষণ

0
1893
দেশৰ বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞসকলে কৰ’নাৰ তৃতীয় ঢৌৱে শিশুক বিশেষভাৱে প্ৰভাৱান্বিত কৰিব বুলি আশংকা ব্যক্ত কৰিছে৷ সেয়ে তৃতীয় ঢৌৰ আগমনৰ আগে আগে শিশুসকলক কভিড-১৯ৰ পৰা সুৰক্ষা প্ৰদানৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷ ভাৰত বায়’টেকে অহা সপ্তাহত দুইৰ পৰা ছয় বছৰৰ শিশুৰ শৰীৰত কৰ’না ভাইৰাছৰ ভেকচিন কভেক্সিনৰ দ্বিতীয় পালি ভেকচিন পৰীক্ষামূলকভাৱে দিয়া হ’ব৷ অহা ছেপ্টেম্বৰত দেশত শিশুৰ বাবে কৰ’না ভেকচিন উপলব্ধ হোৱাৰ সম্পূৰ্ণ আশা আছে– এইদৰে কয় এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই৷ ইয়াৰ পৰীক্ষণৰ বাবে ১৭৫ টি শিশুক বাছনি কৰা হৈছে৷ এই দুয়ো পালি ভেকচিনৰ সম্পূৰ্ণ পৰীক্ষণ হোৱাৰ পাছত আগষ্টৰ শেষভাগত অন্তৰ্ৱৰ্তী প্ৰতিবেদন লাভ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here