সাৱধান ! এই পাচবিধ পাচলিয়ে তেজত ইউৰিক এচিড বঢ়াব পাৰে

0
232

বৰ্তমান ডায়েবেটিছ, হাইপাৰটেনশ্যনৰ লেখীয়াকৈ ইউৰিক এচিডৰ সমস্যাও জটিল সমস্যাত পৰিণত হৈছে৷ অসমতুল জীৱন-যাপন, অনিয়মীয়া খাদ্যাভ্যাস, শৰীৰৰ বিভিন্ন সমস্যাৰ বাবে ইউৰিক এচিডৰ সমস্যাই দেখা দিব পাৰে৷ খাদ্য হজমৰ সময়ত শৰীৰত ইউৰিক এচিড তৈয়াৰ হয়, যি প্ৰস্ৰাৱৰ স্বাভাৱিক উপাদান৷ অত্যধিক প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত শৰীৰত ইউৰিক এচিড বঢ়াৰ সম্ভাৱনা বেছি৷ ইউৰিক এচিড বাঢ়িলে প্ৰেস্ৰাৱৰ সমস্যাই দেখা দিয়ে৷ দেহা দুৰ্বল লাগে, পাছত কিডনীৰ পাথৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ সেয়েহে ইউৰিক এচিড ধৰা পৰিলে  প্ৰথমে খোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাটো ভাল৷ সময়মতে ইউৰিক এচিড নিয়ন্ত্ৰণ নকৰিলে কিডনী, লিভাৰৰ কাম বন্ধ কৰি দিব পাৰে৷ হ’ব পাৰে হাৰ্ট এটেকৰ দৰে মাৰাত্মক ঘটনা৷ কিছুমান শাক পাচলি ইউৰিক এচিড দেখা দিলে খোৱাটো বন্ধ কৰিব লাগে৷ ডাঙৰ মাছ, ৰে’ড মিট, এলকহল আদি খাদ্য তালিকাত ৰাখিব নালাগে৷ ইউৰিক এচিড বাঢ়িলে কি পাচলি নাখাব জানো আহক৷
মটৰমাহে ইউৰিক এচিডৰ পৰিমাণ বঢ়াই দিয়ে৷ সেয়েহে ইউৰিক এচিডৰ সমস্যা হ’লে মটৰমাহ বাদ দিয়ক৷
বেঙেনাত যথেষ্ট পৰিমাণে পিউৰিন পোৱা যায়৷ যিয়ে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷ এলাৰ্জিৰ সমস্যা যিসকলৰ আছে, বেঙেনা নোখোৱাই ভাল৷
যিকোনো ধৰণৰ মাহজাতীয় শস্যত প্ৰচুৰ পৰিমাণে পিউৰিন পোৱা যায়৷ এই পিউৰিন উপাদান শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়োৱাত সহায় কৰে৷ সেয়েহে ইউৰিক এচিডৰ ভোগাসকলে মাহজাতীয় শস্য খাদ্য তালিকাৰ পৰা বাদ দিয়ক৷
ইউৰিক এচিডৰ সমস্যা থাকিলে শাক খোৱাটোত বাধা নাই যদিও কিছুমান শাকে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷ বিশেষকৈ পালেং শাকত যথেষ্ট পৰিমাণে প্ৰ’টিন আৰু পিউৰিন থাকে, যিয়ে ইউৰিক এচিডৰ সমস্যা জটিল কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here