দেশত প্ৰথমটো ভূ-তাপবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ : ক’ত ?

0
195

দেশৰ প্ৰথমটো ভূ-তাপবিদ্যুৎ কেন্দ্ৰ অলপতে লাডাখত স্থাপন কৰা হয়৷ লাডাখৰ পুগাত নিৰ্মাণ কৰা এইটো হৈছে ভাৰতৰ প্ৰথম ভূ-তাপবিদ্যুৎ প্ৰকল্প৷ নিৰ্মীয়মাণ অৱস্থাত থকা প্ৰকল্পটোত মাটিৰ উত্তাপেৰে বিদ্যুৎ উৎপাদন কৰিব পৰা যাব৷ এই ভূ-তাপবিদ্যুৎ কেন্দ্ৰটো সমুদ্ৰৰ পৰা ৪৪০০ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হ’ব৷ এই কেন্দ্ৰটোত ২৪ ঘণ্টাই ভূ-তাপবিদ্যুৎ উপলব্ধ হ’ব৷ পুগাত থকা এই কেন্দ্ৰটো পাঁচ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে৷ এই কেন্দ্ৰটোত এশ কিলোমিটাৰ গভীৰতালৈ নিৰ্মাণ চলিলে এশ মেগাৱাটৰো অধিক বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই৷ জানিব পৰা মতে এই কেন্দ্ৰটোত বিদ্যুৎ উৎপাদনৰ দ্বাৰা দহখন গাঁৱত বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here