ভাৰতৰ ছয়াবিন তেল আমদানিৰ ক্ষেত্ৰত অভিলেখ

0
241

প্ৰতিবছৰে ভাৰততে তেলৰ চাহিদা পূৰাবলৈ পাম তেল, ছয়াবিন, ছানফ্লাৱাৰ আদি বিভিন্ন ব্ৰেণ্ডৰ তেল আমদানি কৰে৷ আনহাতে দেশত যোৱা কিছুদিন আগতে খোৱাতেলৰ  নাটনি হোৱাৰ ফলত অস্বাভাৱিতভাৱে তেলৰ মূল্যবৃদ্ধি হৈছিল যদিও বৰ্তমান তেলৰ নাটনিৰ জোৰা মৰাৰ বাবে কিছু মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে সমগ্ৰ দেশত খোৱাতেলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তেল আমদানিকাৰীসকলে পাম অইলৰ পৰিৱৰ্তে ছয়াবিন তেলৰ আমদানিত অধিক গুৰুত্ব আৰোপ কৰিছে৷ জানিব পৰা মতে যোৱা জুলাই মাহত পাম অইলৰ আমদানি পূৰ্বৰ তুলনাত দহ শতাংশ হ্ৰাস পায়৷ ইয়াৰ বিপৰীতে  বছৰটোত ছয়াবিন তেলৰ আমদানি ১২৫ শতাংশ বৃদ্ধিৰে অভিলেখ সৃষ্টি কৰে৷ একেদৰে ছানফ্লাৱাৰ তেলৰ আমদানি ত্ৰিছ শতাংশ বৃদ্ধি পায়৷ মূলতে বিগত সময়ত পাম অইলৰ আমদানিত ৫৫ শতাংশ শুল্ক আৰোপ কৰাত এতিয়া আমদানিকাৰীয়ে ছয়াবিন তেল নিৰ্বাচন কৰি লৈছে৷ উল্লেখ্য যে ভাৰতে আৰ্জেণ্টিনা, ইউক্ৰেইন, ৰাছিয়া, ব্ৰাজিল আদিৰ দেশৰ পৰা সৰ্বাধিক পৰিমাণৰ ছয়াবিন আৰু ছানফ্লাৱাৰ তেল আমদানি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here