সাত বছৰীয়া জ্যোতিৰ্বিদে আৱিষ্কাৰ কৰিলে সাতটা গ্ৰহাণু

0
1031
ব্ৰাজিলৰ সাত বছৰীয়া নিকোল অলিভেৰা ডি লিমাই মাত্ৰ সাত বছৰতে সাতটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি এক অভিলেখৰ সৃষ্টি কৰিছে৷ এতিয়া তেওঁক বিশ্বৰ সৰ্বকনিষ্ঠ জ্যোতিৰ্বিদ বুলি কোৱা হৈছে৷ উল্লেখ্য যে গ্ৰহাণুৰ ওপৰত দৃষ্টি ৰাখিলে ভৱিষ্যতে ই পৃথিৱীক খুন্দা মাৰিব পাৰে নেকি সেই বিষয়ে অধ্যয়ন কৰাত সহায় হয়৷ নিকোলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASA আৰু International Astronomical Search Collaboration-ৰ চিটিজেন ছায়েন্স প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছিল৷ তেওঁ মাত্ৰ দুবছৰৰ পৰাই মহাকাশৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here