বাৰিষা কালত ইমিউনিটি ধৰি ৰাখিবলৈ কি চুপ খাব?

0
1875
চুপ হৈছে এবিধ গৰমে গৰমে সেৱন কৰা পানীয়, যি শাক-পাচলি, মাংস আদিৰে তৈয়াৰ কৰা হয়৷ যিহেতু চুপত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ কৰা হয়৷ সেয়েহে ইয়াত থকা ভিটামিন, কেলচিয়াম, খনিজ পদাৰ্থ আদিয়ে আমাৰ শৰীৰৰ বাবে লাগতিয়াল উপাদানৰ যোগান ধৰে৷ বিশেষকৈ ঠাণ্ডা বা বাৰিষা কালত চুপ খোৱাটো অতি লাভদায়ক৷ সেয়েহে জানো আহক বাৰিষা কালত কেনে ধৰণৰ চুপ খোৱা উচিত৷

(১) বাৰিষা কালত আপোনাৰ ইমিউনিটি ধৰি ৰখাত গাজৰ আৰু আদাৰে তৈয়াৰী চুপ অতি উত্তম৷ আদাই বদহজম, গেছ আদি নিৰাময় কৰাৰ লগতে শৰীৰৰ ইনফ্লেমেশ্যনো কম কৰে৷


(২) ৰঙালাওৰ চুপত প্ৰচুৰ পৰিমাণে ভিটামিন-A, ভিটামিন-C, ভিটামিন-E, আইৰন আৰু ফলেট পোৱা যায়৷ এই গোটেইকেইটা উপাদানে বাৰিষা কালত আপোনাৰ ইমিউনিটি ধৰি ৰখাত যথেষ্ট সহায় কৰে৷

Cream of Pumpkin Soup Recipe by Archana's Kitchen


(৩)
বিলাহী আৰু জালুকেৰে তৈয়াৰী চুপত প্ৰচুৰ পৰিমাণে পটেচিয়াম, ভিটামিন-B আৰু ভিটামিন-E পোৱা যায়৷ যিয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰি ৰোগ হোৱাৰ সম্ভাৱনা দূৰতে বিদূৰ কৰে৷

Quick Herb-Tomato Soup


(8) গাজৰ, বিন, বিলাহী আৰু মটৰেৰে তৈয়াৰী চুপ ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম৷ এইবিধ চুপ ভিটামিন-Cৰ ভাল উৎস৷ যিয়ে ইমিউনিটি বৃদ্ধিত অৰিহণা যোগায়৷

Hamburger Soup - Cooking Classy


(৫)
তেঁতেলী, বিলাহী, জলকীয়া আৰু শাকেৰে প্ৰস্তুত কৰা চুপত ভিটামিন-B আৰু কেলচিয়াম পোৱা যায়, যিয়ে শৰীৰটোক ডিটক্সিফাই কৰি ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷

Rasam recipe without rasam powder - Swasthi's Recipes

LEAVE A REPLY

Please enter your comment!
Please enter your name here