কৰ’নাক লৈ সতৰ্ক হোৱাৰ পৰামৰ্শ কেন্দ্ৰৰ

0
841
দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় ঢৌ সৃষ্টি হোৱাৰ আশংকাক লৈ বিশেষজ্ঞসকলে বাৰম্বাৰ সতৰ্ক কৰি আছে৷ ইয়াৰ মাজতে অহা মাহৰ পৰা দেশত উৎসৱৰ বতৰ আৰম্ভ হ’ব৷ উৎসৱৰ বতৰক লৈ কেন্দ্ৰীয় চৰকাৰ গভীৰভাৱে চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰি কৰ’নাৰ সংক্ৰমণৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে৷ কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই লিখা পত্ৰখনত কোৱা হৈছে যে একাংশ ৰাজ্যত এই হাৰ প্ৰায় এক শতাংশ হৈ আছে, কিন্তু কিছুমান ৰাজ্যত এই হাৰ বৃদ্ধি পাবলৈ ধৰাটো চিন্তনীয় বিষয়৷ সেয়েহে ইয়াৰ ওপৰত তেওঁ চকু ৰাখিবলৈ পৰামৰ্শ দিছে৷ তেওঁৰ মতে যিবিলাক জিলাত কৰ’নাৰ সংক্ৰমণৰ হাৰ অধিক সেইবোৰত সতৰ্ক দৃষ্টি ৰখা প্ৰয়োজন৷ অনাগত উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ভাল্লাই এইবুলি পৰামৰ্শ দিছে যে ভিৰ হোৱা সকলো স্থানত কঠোৰভাৱে কৰ’নাৰ নীতি-নিয়ম মানি চলা প্ৰয়োজন৷ কৰ’নাৰ নিয়মসমূহ সঠিকভাৱে পালন কৰাৰ বাবে পাঁচদফীয়া নীতিৰে কাম কৰিব লাগে বুলি তেওঁ কয়৷ তেওঁ পৰীক্ষা, চিনাক্ত কৰা, চিকিৎসা কৰা, টিকাকৰণ আৰু কৰ’নাৰ নীতি-নিয়ম পালন কৰাত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে কিছুমান স্থানত সংক্ৰমণৰ হাৰ কম যদিও কৰ’নাৰ সকলো নিয়ম কঠোৰভাৱে পালন কৰা প্ৰয়োজন৷ ইয়াত শিথিলতা প্ৰদান কৰিলে পৰিস্থিতি শোচনীয় হৈ পৰিব পাৰে বুলি তেওঁ কয়৷ তেওঁ লগতে জিলাৰ উপায়ুক্ত আৰু আন বিষয়াসকলকো সতৰ্ক কৰি দিয়ে যে কৰ’নাৰ নিয়ম শিথিল কৰি দিয়াৰ বাবে জিলা উপায়ুক্তৰ লগতে আন বিষয়াসকল ব্যক্তিগতভাৱে জগৰীয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here