সমগ্ৰ বিশ্বতে আতংক ! ক’ভিডৰ নতুন ৰূপ || New Covid variant causes global fear

0
238
দক্ষিণ আফ্ৰিকাৰ কতৃৰ্পক্ষসমূহে কভিড-১৯ৰ এটা অতি বেছি সংক্ৰামক নতুন ৰূপ ধৰা পেলোৱা বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে যি তিনিখন দেশত এই নতুন ৰূপটো ধৰা পৰা বুলি নিশ্চিত কৰা হৈছে, সেই দেশকেইখনৰ মাজেৰে অহা ভ্ৰমণকাৰীসকলক দ্ৰুতভাৱে স্ক্ৰীন আৰু টেষ্ট কৰাবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ জাৰি কৰে৷ কভিড-১৯ৰ এই নতুন ৰূপটোৰ বৈজ্ঞানিক সাংকেতিক  সংখ্যা বি.১.১.৫২৯ আৰু ডেল্টা ভেৰিয়েণ্টতকৈও বেছি সংক্ৰামক৷ দক্ষিণ আফ্ৰিকা, বটছোৱানা আৰু হংকঙত এই নতুন ৰূপটো ধৰা পৰাৰ পাছত ইজৰাইল আৰু ছাংহাইতো ধৰা পৰিছে৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ দিয়া এখন চিঠিত স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই (এন চি ডি চি) চৰকাৰক জনাইছে যে দক্ষিণ আফ্ৰিকাত ৬জন, বটছোৱানাত তিনিজন আৰু হংকঙত এজন লোকৰ কভিড-১৯ৰ বি.১.১.৫২৯ ৰূপটোৰ সংক্ৰমণ হোৱা বুলি খবৰ পোৱা গৈছে৷ এই ৰূপটোৰ অতি বেছি উৎপৰিৱৰ্তন (মিউটেশ্যন) হয় আৰু অলপতে ভিছাৰ নিষেধাজ্ঞা শিথিল কৰা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ মুকলি কৰি দিয়াৰ কাৰণে দেশখনৰ জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি আহিছে৷ গতিকে উল্লিখিত দেশকেইখনৰ পৰা বা দেশকেইখনৰ মাজেৰে অহা সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ কভিড স্ক্ৰীনিং আৰু টেষ্টিং কৰোৱাটো অপৰিহাৰ্য৷ উল্লেখ্য যে কভিড-১৯ৰ নতুন ৰূপটোৰ কাৰণে সমগ্ৰ বিশ্বত নতুন আতংকৰ সৃষ্টি হৈছে৷ আন্তঃৰাষ্ট্ৰীয়  ষ্টক মাৰ্কেটবোৰত প্ৰভাৱ পৰিছে৷ ব্ৰাছেলছৰ পৰা পোৱা বাতৰি মতে, ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহে দক্ষিণ আফ্ৰিকাৰ পৰা বিমান ভ্ৰমণ বন্ধ কৰিবলৈ পদক্ষেপ লৈছে৷ জেৰুজালেমৰ পৰা পোৱা বাতৰি মতে, ইজৰাইলত তিনিজন লোকৰ দেহত কভিড-১৯ৰ নতুন ৰূপটো ধৰা পৰিছে৷ জাৰ্মানিয়েও সতৰ্কতামূলক ব্যৱস্থা লৈছে৷ ছিংগাপুৰে আফ্ৰিকাৰ ৭খন দেশ ক্ৰমে দক্ষিণ আফ্ৰিকা, বটছোৱানা, এছোৱাটিনি, লেছোথো, মোজাম্বিক, নামিবিয়া আৰু  জিম্বাবুৱেৰ নাগৰিকৰ ভ্ৰমণ বন্ধ কৰি দিব বুলি ঘোষণা কৰিছে৷ ইফালে ছাংহাইত ২৬ নৱেম্বৰত নতুন ৰূপটোৰ সংক্ৰমণ হোৱা তিনিজন লোকক চিনাক্ত কৰাৰ পাছত বিমানৰ ৫ শতাধিক উৰণ বাতিল কৰা হয় আৰু স্কুলবোৰ বন্ধ ঘোষণা কৰা হয়৷ ভাৰতৰ ষ্টক মাৰ্কেটৰো পতন ঘটে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here