মহাকাশত কৃত্ৰিম গ্ৰহণ সৃষ্টি কৰাৰ ইছৰ’ৰ নতুন প্ৰযুক্তি

0
38

সূৰ্য অথবা চন্দ্ৰ গ্ৰহণৰ সম্পৰ্কে তথা ইয়াক লৈ পৃথিৱীৰ মানুহৰ উৎসাহৰ অন্ত নাই৷ দুদিনমান আগতে আমেৰিকাৰ বিস্তীৰ্ণ এলেকাত দেখা গৈছিল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ৷ বছৰটোৰ ভিতৰতে দীৰ্ঘ সময়ত বাবে চলিছিল এই সূৰ্যগ্ৰহণ আৰু এইটো আছিল বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ৷ গ্ৰহণৰ দৰে বিশ্বত ঘটা মহাজাগতিক ঘটনাক লৈ এইবাৰ নতুন গৱেষণা চলাইছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে৷ ইছৰ’ৱে দাবী কৰা মতে তেওঁলোকে মহাকাশত কৃত্ৰিম উপায়ে গ্ৰহণ সৃষ্টি কৰিব পাৰিব৷ আৰু ইয়াৰ বাবে প্ৰযুক্তি তৈয়াৰ কৰা হৈছে ইছৰ’ৰ গৱেষণাগাৰত৷ জানিব পৰা মতে ইউৰোপৰ প্ৰোবা-৩ নামৰ মহাকাশযান উৎক্ষেপণ কৰিব ইছৰ’ৱে৷ ইউৰোপীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে যৌথভাৱে এই অভিযানৰ পৰিকল্পনা কৰিছে৷ প্ৰোবা-৩-ত দুটা ছেটেলাইট থাকিব৷ সূৰ্যৰ কৰোনা অংশক বিশেষভাৱে পৰ্যবেক্ষণ কৰিব এই ছেটেলাইটটে৷ সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যটো ঢাকি ধৰাৰ পাছত সূৰ্যৰ যি অংশ পৃথিৱীৰ পৰা খালী চকুৰে দেখা যায়, তাৰ নাম কৰোনা৷ গ্ৰহণৰ সময়ত এই অংশ উজ্জ্বল হয়৷ এই অংশটো দেখাৰ বাবে বিশেষ কৰোনাগ্ৰাফ তৈয়াৰ কৰা হৈছে, যি এই দুই ছেটেলাইটত থাকিব৷ উল্লেখ্য যে সূৰ্যৰ এই কৰোনা অংশটোৱে মহাকাশৰ আৱহাৱা নিয়ন্ত্ৰণ কৰে৷ ইছৰ’ৱে সদৰী কৰা মতে ভাৰতৰ সতীশ ধাৱন স্পেচ ৰিছাৰ্চ চেণ্টাৰৰ পৰা পি এছ এল ভিৰ মাধ্যমেৰে এই মহাকাশযান উৎক্ষেপণ কৰা হ’ব৷ আৰু এই মহাকাশ অভিযান সফল হ’লে কৃত্ৰিম গ্ৰহণ সৃষ্টি কৰিব পৰা উপায় ওলাব বুলি সংস্থাটোৱে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here