নতুনকৈ প্ৰেমত পৰিছে নেকি ? তেন্তে ভুলতো এইবোৰ নকৰিব

0
35

আপুনি হয়তো নতুনকৈ কাৰোবাৰ প্ৰেমত পৰিছে৷ অথবা ভাল লগা ছোৱালীজনীক নিজৰ কৰি ল’বলৈ ভাল পাবলৈ প্ৰাণপণে চেষ্টা কৰিছে অথবা তাইৰ প্ৰেমত হাবুডুবু খাইছে৷ দিনে-নিশাই চিন্তাত মগন হৈ খোৱা লোৱা বাদ দিছে৷ জীৱনৰ এক বিশেষ সময়ত বহুতৰ ক্ষেত্ৰতে এনেকুৱা নি(য় হয়৷ এনে অনুভূতি তথা আৱেগত সকলোৱে মত্ত হয় কেনোবা এটা নিৰ্দিষ্ট জীৱনদ্দশাত৷ এনে সময়খিনি বহুতেই কিছু ভুল কৰি পেলায়৷ গতিকে চাটিং কৰি ছোৱালী পটাবৰ বাবে সফলতা পাবলৈ এই কামবোৰ একেবাৰে নকৰিব৷ নহ’লে ইয়াৰ বিপৰীত ফলহে পাব৷ মনত ৰাখিব অকণমান ভুলৰ বাবে ব্লক লিষ্টত যাব পাৰে আপোনাৰ নম্বৰ৷ জানিবলৈ নি(য় মন আছে প্ৰেমত পৰাৰ আগতে কিবোৰ ভুল কৰিব নালাগে৷
মনত ৰখা ভাল যে প্ৰেমৰ তাড়না ভাল৷ কিন্তু তাৰ বাবে সঘনাই বা ছেকেণ্ডে ছেকেণ্ডে মেছেজ কৰা কেতিয়াও কাংক্ষিত নহয়৷ অতিৰিক্ত মেছেজিঙে আপোনজনৰ মনত বিৰক্তিৰ ভাব জন্মাব পাৰে৷
সকলোৰে ফ্ৰি সময় সমান নহয়৷ অৰ্থাৎ বৰ্তমান কৰ্মব্যস্ত জীৱনত আপুনি যেতিয়াই তেতিয়াই ফ্ৰি নাথাকিবও পাৰে৷ ইয়াৰ মাজতে ব্যস্ত জীৱনৰ কামৰ মাজে মাজে সময় উলিয়াই বহুতেই ছাট কৰে৷ ইয়াৰ ৰিপ্লাই দিয়াত পলম হ’লে কেতিয়াও ক্ষুব্ধ নহ’ব৷ ধৈৰ্য ধৰি ৰিপ্লাইলৈ অপেক্ষা কৰক৷ তেতিয়াহে সম্পৰ্ক মধুৰ হ’ব৷
চাটিঙৰ ক্ষেত্ৰত ইমোজিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিন্তু অতিৰিক্ত ইমোজিৰ ব্যৱহাৰ অৰ্থহীন হৈ কেতিয়াবা বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে সকলো সময়তে নহয়, উপযুক্ত স্থানত খাব খোৱা ইমোজিৰ ব্যৱহাৰ কৰক৷
যাক লৈ ভৱিষ্যতৰ সংগী বা সংগিনী হিচাপে ভাবিছে, তেওঁৰ সৈতে কথা কোৱাৰ সময়ত অশালীনতা দূৰত ৰাখি কথা পাতক৷ স্পষ্ট কথা পৰিষ্কাৰভাৱে লিখি পঠাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here