সন্তান জন্ম দিব পৰা ৰবট উদ্ভাৱন || Robot to procreate babies developed

0
498

জীৱ জীয়াই থকাৰ প্ৰয়োজনত জীৱৰ বংশবৃদ্ধি এক প্ৰাকৃতিক ঘটনা৷ শেহতীয়াকৈ বিজ্ঞানীৰ এক আৱিষ্কাৰে বিশ্বকে চমক খুৱাইছে৷ এইবাৰ বিজ্ঞানীয়ে প্ৰথম জৈৱিক প্ৰজননৰ কাৰণে ৰবট উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানীয়ে দাবী কৰিছে যে এই জীৱন্ত ৰবটে ক্ৰমাগতভাৱে প্ৰস্তুত কৰিব পাৰিব নিজৰ প্ৰতিলিপি৷ শেহতীয়াকৈ জানিব পৰা মতে যুক্তৰাষ্ট্ৰৰ এদল বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে একধৰণৰ জেনোবট, যাক জীৱন্ত ৰবট বুলিও কোৱা হয়৷ গৱেষকৰ দলটোৱে ছুপাৰ কম্পিউটাৰৰ ডিজাইন অনুসৰি জৈৱিক বংশ বিস্তাৰৰ এক নতুন কৌশল এই পৰীক্ষাত ব্যৱহাৰ কৰিছে৷
গৱেষণাগাৰত এক ধৰণৰ ভেকুলীৰ কোষ নতুন ধৰণেৰে জীৱন্ত কৰিছে৷ এই ক্ষুদ্ৰ জীৱসত্তা বা অৰ্গেনিজমক নতুন একক কোষৰ পৰা বাহিৰ কৰিব পাৰি আৰু ইয়াৰ লগত সহস্ৰ কোষ একত্ৰিত হ’বলৈ সক্ষম হয়৷

Pregnant Robot Gives Birth: Tech Meets Medicine

এক মিলিমিটাৰতকৈও সৰু জেনোবটবোৰে শিশু জেনোবট তৈয়াৰ কৰিব পাৰে৷ এই শিশু জেনোবটে ইয়াৰ পৰা আৰু নতুন কোষ বাহিৰ কৰি নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিবলৈ সক্ষম হয়৷ কম্পিউটাৰত কৰা ডিজাইন অনুসৰি অতি ক্ষুদ্ৰ এই জীৱসত্তাৰ মাধ্যমেৰে পৰৱৰ্তী সময়ত মানৱ দেহৰ অভ্যন্তৰত ঔষধ পৰিবহণ সম্ভৱপৰ হ’ব৷
গৱেষকৰ দলৰ অন্যতম সদস্য, যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব্‌ ভাৰমণ্টৰ কম্পিউটাৰ বিজ্ঞানী জছুৱা বোনগাৰ্ডে কৈছে যে সঠিক ডিজাইন কৰিলে জেনোবটে নিজেই নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পাৰিব৷ এই জেনোবট কোষে নিজৰ লগতে তিনি হাজাৰ কোষৰ সমন্বয় ঘটাই এটা বৃত্ত তৈয়াৰ কৰিব পাৰে৷
দলটোৰ আন এজন সদস্য অধ্যাপক মাইকেল লেভিনে কৈছে যে এই কোষবোৰত ভেকুলীৰ জিনম আছে, কিন্তু কোষবোৰ ভেকুলীৰ বৈশিষ্ট্যৰ পৰা মুক্ত৷ ফলত ইয়াৰ যৌথ বুদ্ধিমত্তা, নমনীয়তা, প্ৰয়োগ কৰি সম্পূৰ্ণ বেলেগ হয়৷ আনহাতে তেওঁ জনোৱা মতে গৱেষণাত কম্পিউটাৰে ডিজাইন কৰা কোষবোৰ নিজেই নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পাৰে৷
দলটোৰ সদস্য, টাফট্‌ছ ইউনিভাৰ্ছিটিৰ বিজ্ঞানী ডগলাছ ব্লেকিষ্টনে কয় যে ইমানদিনে মানুহৰ ধাৰণা আছিল যে জীৱৰ বিস্তাৰ আৰু বংশবৃদ্ধি কিদৰে ঘটে, এতিয়া সেই বিষয়ত ৰহস্যৰ ভেদ হৈছে৷
নতুন জেনোবটৰ সম্ভাৱনাক লৈ কম্পিউটাৰ বিজ্ঞানী বোনগাৰ্ডে কয় যে নতুন ঔষধ প্ৰস্তুত কৰা বা পানীৰ পৰা মাইক্ৰ’প্লাষ্টিক পৰিষ্কাৰ কৰাৰ বাবে যন্ত্ৰসমূহক ব্যৱহাৰ কৰা যাব৷ ইয়ে প্ৰযুক্তিগত সমাধান বাহিৰ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here